নিযুত মইনা ২.০ ৰ অধীনত নাহৰকটীয়া মহাবিদ্যালয়ত মুঠ ৫৭৩ গৰাকী ছাত্ৰীক চেক বিতৰণ
অংশ ললে বিধায়ক তৰঙ্গ গগৈয়ে
চাইন অন ডেস্ক
বিগত বছৰৰ পৰা শুভাৰম্ভ হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰৰ এক অভিলাসী আঁচনি নিযুত মইনাৰ অধীনত আজি নাহৰকটীয়া মহাবিদ্যালয়ত সৰ্বমুঠ ৫৭৩ গৰাকী ছাত্ৰীক চেক প্ৰদান কৰা হয়। নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰে উদ্বোধনী বক্তব্য আগবঢ়োৱা আৰু অধ্যাপিকা কমলীকা হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত মুখ্য বিতৰক ৰূপে উপস্থিত থাকি উচ্চতৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ লগতে স্নাতক প্ৰথম আৰু তৃতীয় সান্মাষিকৰ ছাত্ৰী সকলক চেক বিতৰণ কাৰ্যসূচী মুকলি কৰে জয়পুৰ জিলা পৰিষদৰ সদস্য মৃদুল কলিতাই। আনহাতে অনুষ্ঠানটোত অংশগ্ৰহণ কৰি নাহৰকটীয়াৰ বিধায়ক তৰঙ্গ গগৈয়েও কেইবাগৰাকীও ছাত্ৰীক চেক প্ৰদান কৰাৰ লগতে নিযুত মইনাৰ ধন লাভেৰে কিদৰে ছাত্ৰী সকল উপকৃত হৈছে তাৰ এক বাস্তৱ অভিজ্ঞতা দাঙি ধৰাৰ লগতে এই আঁচনিৰ ধন লাভ কৰা প্ৰতিগৰাকী ছাত্রীকে এই ধন শৈক্ষিক কাৰণত খৰছ কৰিবলৈ আহ্বান জনোৱাৰ লগতে নিজৰ শিক্ষা জীৱন সঠিক ৰূপত আগবঢ়াই নিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে নাহৰকটীয়া সম জিলাৰ সহকাৰী আয়ুক্ত সেউজ সজীৱ নাথেও একাংশ ছাত্ৰীক চেক বিতৰণ কৰা এই অনুষ্ঠানতে এই ধন লাভৰ দ্বাৰা নিজে কিদৰে উপকৃত হব পাৰিছে তাৰ ওপৰত মহাবিদ্যালয়ৰ ছাত্ৰী আশামণি তালুকদাৰ, শিখামণি গগৈ, ৰেকিমা আহমেদ আদিকে ধৰি কেইবাগৰাকীও ছাত্রীয়ে নিজৰ নিজৰ অনুভৱ দাঙি ধৰে
