ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ডিব্ৰুগড় জিলা প্ৰতিষ্ঠা দিৱস পালন
চাইন অন ডেস্ক:
ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ২৭ অক্টোবৰ তাৰিখে ডিব্ৰুগড় জিলা প্ৰতিষ্ঠা দিৱস জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত সম্পন্ন কৰা হয়। প্ৰতি বছৰে ২ অক্টোবৰত জিলা প্ৰতিষ্ঠা দিৱস পালন কৰা হয় যদিও ভিন্ন কাৰণ বশতঃ উক্ত অনুষ্ঠান কিছু পিছুৱাবলগীয়া হয়। অনুষ্ঠানটি প্ৰয়াত শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই, জিলা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ডিব্ৰুগড়

শেষত সম্বৰ্দ্ধনা অনুষ্ঠানত বিভিন্ন বিভাগ কৃষি, জিলা প্ৰশাসন, ৰাজহ চক্ৰ, স্বাস্থ্য, শিক্ষা আৰু ক্ৰীয়া বিভাগৰ কৰ্ম্মচাৰীলৈ তেওঁলোকে আগবঢ়োৱা নিষ্ঠাবান কৰ্ম দক্ষতাৰ বাবে গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা প্ৰদান কৰা হয় আৰু লগতে খণ্ড পৰ্যায়ত অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাত বিজয়ী শিক্ষাৰ্থীৰ সকলোলৈ এটিকৈ পুৰস্কাৰ প্ৰদান কৰা হয়।উক্ত অনুষ্ঠানত অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা , ডিব্ৰুগড় জিলা পৌৰনিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰ ,জিলা পৰিষদৰ সভানেত্ৰী পুস্পাণ্জলী সোনোৱালকে প্ৰমুখ্যে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্ত ডঃ মণিকা বড়া, অতিৰিক্ত জিলা আয়ুক্ত চুলতানা আখতাৰা আহমেদ, অতিৰিক্ত জিলা আয়ুক্ত বিৰাজ বৰুৱা, নিৰ্বাচনী বিষয়া প্ৰাঞ্জীল গগৈৰ লগতে চক্ৰ বিষয়া আৰু সহকাৰী আয়ুক্ত লগতে আমন্ত্ৰিত ব্যক্তি সকল উপস্থিত থাকে।
