এন এফ ৰেলৱেৰ শিমলুগুৰি ৰেল সংযোগ পুনৰুদ্ধাৰ
বৰ্তমানে ডিজেল ইঞ্জিনৰে চলাচল
চাইন অন ডেস্ক,৭আগষ্ট:
তিনিচুকীয়া সংমণ্ডলৰ অন্তৰ্গত শিৱসাগৰ জিলাৰ শিমলুগুৰি আৰু দাঁতিকাষৰীয়া অঞ্চলত শেহতীয়াকৈ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ৰে’লপথসমূহ উত্তৰ-পূব সীমান্ত ৰে’লৱেই সফলতাৰে পুনৰুদ্ধাৰ কৰিছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ জেনেৰেল মেনেজাৰ চেতন কুমাৰ শ্ৰীবাস্তৱে ক্ষতিগ্ৰস্ত অংশ পৰিদৰ্শন কৰি ট্ৰেক, দলং আৰু অন্যান্য আন্তঃগাঁথনিৰ বিশদ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত দেখা গ’ল যে শিশুকে ধৰি বহু স্থানীয় বাসিন্দাই তেওঁলোকৰ সামগ্ৰী আৰু পশুধনৰ লগতে বৰ্তমান বান-সম্পৰ্কীয় পৰিস্থিতিৰ বাবে ৰে’লপথত বা ওচৰতে আশ্ৰয় লৈছে। মানৱীয় উদ্বেগ বিবেচনা কৰি আৰু জনসাধাৰণৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি প্ৰথম অৱস্থাত পুনৰুদ্ধাৰ কৰা অংশসমূহত কেৱল ডিজেল ইঞ্জিনেৰে চলোৱা ৰে’ল চলাচল কৰাৰ সিদ্ধান্ত লোৱা হৈছে। বিদ্যুৎস্পৃষ্ট হোৱাৰ আশংকা কম কৰাৰ লগতে পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে বানপীড়িত লোকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
স্থানীয় ৰেল সেৱা, যেনে ৰেল নং ১৫৬৬৯ (গুৱাহাটী-ডিব্ৰুগড়) নগালেণ্ড এক্সপ্ৰেছ, ৰেল নং ১৫৬০৩/১৫৬০৪ (গুৱাহাটী-লিডো-গুৱাহাটী) ইন্টাৰচিটি এক্সপ্ৰেছ, ৰেল নং ১৫৯৬৭/১৫৯৬৮ (ৰঙিয়া-লিডো-ৰঙিয়া) ইন্টাৰচিটি এক্সপ্ৰেছ, ৰেল নং ৭৫৬০১/৭৫৬০২ (লামডিং-তিনচুকীয়া-লামডিং) DEMU আৰু ৰেল নং ৫৫৯১৪ (তিনচুকীয়া-যোৰহাট টাউন) যাত্ৰী আদি মৰাণহাট হৈ চলিব।
আপাততঃ উত্তৰ লখিমপুৰ-ৰঙাপাৰা উত্তৰ-ৰঙিয়া হৈ ডাইভাৰ্ট কৰা পথত দীৰ্ঘ দূৰত্বৰ ৰে’লসমূহে চলি থাকিব। তদুপৰি, উজনি অসমলৈ অহা-যোৱা কৰা যাত্ৰীসকলৰ বাবে বিকল্প ৰে’ল সংযোগৰ ব্যৱস্থা কৰাৰ বাবেও সমগ্ৰ ব্যাঘাতৰ সময়ছোৱাত নিয়মীয়াকৈ বিশেষ ৰে’ল চলাচল কৰা হৈছে।
পৰিস্থিতি স্বাভাৱিক হৈ পৰিলে আৰু ক্ষতিগ্ৰস্ত লোকসকলে ঘৰলৈ উভতি যাবলৈ সক্ষম হ’লে ৰে’ল সেৱা সম্পূৰ্ণৰূপে পুনৰুদ্ধাৰ আৰু অংশটোত বৈদ্যুতিক ৰে’ল চলোৱাৰ সিদ্ধান্ত লোৱা হ’ব।