...

প্ৰণৱ দলেৰ মুক্তিৰ দাবীত ডিব্ৰুগড়ত বাওঁ-গণতান্ত্ৰিক মঞ্চৰ প্ৰতিবাদ

প্ৰণৱ দলেৰ মুক্তিৰ দাবীত ডিব্ৰুগড়ত বাওঁ-গণতান্ত্ৰিক মঞ্চৰ প্ৰতিবাদ

চাইন অন ডেস্ক,৭আগষ্টঃ

শ্ৰমিক নেতা প্ৰণৱ দলেৰ মুক্তিৰ দাবীত আজি ডিব্ৰুগড়ত বাওঁ-গণতান্ত্ৰিক মঞ্চই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ কাজিৰঙাৰ ইংলে পথাৰৰ আদিবাসী লোকসকলৰ উচ্ছেদৰ বিৰুদ্ধে আৰু অসমৰ বিভিন্ন প্ৰান্তত চৰকাৰে চলাই অহা উচ্ছেদ অভিযানৰ বিৰুদ্ধে জনসাধাৰণৰ পক্ষত থাকি নিৰন্তৰ সংগ্ৰাম চলাই অহা মানৱাধিকাৰ কৰ্মী প্ৰণৱ দলেৰ ওপৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন প্ৰয়োগ কৰি পুনৰ কাৰাগাৰলৈ নিক্ষেপ কৰা কাৰ্যৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ কৰে৷ জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰ, মানৱাধিকাৰ আৰু জীৱন-জীৱিকাৰ অধিকাৰৰ বাবে মাত মতাৰ বাবেই প্ৰণৱ দলেৰ বিৰুদ্ধে এন এছ এৰ দৰে কঠোৰ আইন প্ৰয়োগ কৰাটো চৰকাৰৰ গণতান্ত্ৰিক অধিকাৰ আৰু মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত এক গুৰুতৰ আক্ৰমণ বুলি মঞ্চই অভিহিত কৰে। আজি ডিব্ৰুগড় মহানগৰৰ চৌকিডিঙ্গীত মুখত ক’লা কাপোৰ পৰিধান কৰি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰীসকলে প্ৰণৱ দলেৰ ওপৰত প্ৰয়োগ কৰা এনএছএ অবিলম্বে বাতিল কৰি তেওঁক বিনাচৰ্তে মুক্তি দিয়া, গণতান্ত্ৰিক আন্দোলন, প্ৰতিবাদ আৰু মত প্ৰকাশৰ অধিকাৰৰ ওপৰত চৰকাৰী দমন-পীড়ন বন্ধ কৰা, অসমৰ বিভিন্ন প্ৰান্তত চলি থকা জনবিৰোধী উচ্ছেদ অভিযান বন্ধ কৰি উচ্ছেদিত আৰু উচ্ছেদৰ সন্মুখীন হোৱা লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰা আদি দাবীসমূহ উত্থাপন কৰে৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি শ্ৰমিক নেতা বলীন্দ্ৰ শইকীয়াই কয় যে, অন্যায় উচ্ছেদৰ বিৰুদ্ধে মাত মতা, জনসাধাৰণৰ অধিকাৰৰ পক্ষত থিয় দিয়া আৰু চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো কোনো অপৰাধ নহয়। গণতান্ত্ৰিক প্ৰতিবাদ দমন কৰিবলৈ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ দৰে কঠোৰ আইন ব্যৱহাৰ কৰা কাৰ্যই চৰকাৰৰ গণতান্ত্ৰিক চৰিত্ৰক লৈ গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে। মঞ্চই অসম চৰকাৰক দমন-পীড়নৰ পথ পৰিহাৰ কৰি গণতান্ত্ৰিক অধিকাৰ আৰু মত প্ৰকাশৰ স্বাধীনতাৰ প্ৰতি সন্মান জনাবলৈ আহ্বান জনায়। লগতে প্ৰণৱ দলেৰ বিনাচৰ্তে মুক্তিৰ দাবীত ৰাজ্যজুৰি চলি থকা গণতান্ত্ৰিক প্ৰতিবাদ অধিক শক্তিশালী কৰাৰ বাবে সকলো গণতান্ত্ৰিক, প্ৰগতিশীল আৰু ন্যায়প্ৰিয় জনসাধাৰণলৈ আহ্বান জনাইছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *