প্ৰাক্তন কৃতি শিক্ষক তথা সমাজকৰ্মী মইনুদ্দিন আহমেদ(৮৪)ৰ পৰলোক
চাইন অন ডেস্ক,৭আগষ্ট:

তেখেত কিছুদিন স্হানীয় জে. জে.মেমৰীয়েল হস্পিটেলত চিকিৎসাধীন হৈ আছিল।প্ৰয়াত আহমেদেে তেওঁৰ কৰ্ম জীৱনত ৬ নং আমোলাপট্টি নিম্ন প্ৰাথমিক বিদ্যালয় , লালুকা গাওঁ প্ৰাথমিক বিদ্যালয়,মিলন নগৰ আদি বিভিন্ন বিদ্যালয়ত শিক্ষকতা কৰি বহু মানৱ সম্পদ স্বৃষ্টি কৰাত বিশেষ বৰঙনি আছিল।মৃত্যুৰ সময়ত পত্নী মঞ্জুৱাৰা বেগম,দুই পুত্ৰ, জীয়ৰীৰ লগতে অনেক আত্মীয়স্বজন আৰু গুণমুগ্ধক এৰি থৈ যায়।আজি বিয়লি লালুকা গাওঁৰ কৱৰস্থানত ভালে সংখ্যক লোকৰ উপস্থিতিত জানাজা সম্পন্ন কৰা হয়।