...

বিদ্যুৎপৃষ্ট হৈ আকস্মিক মৃত্যু গভীৰ শোকৰ ছাঁ

বিদ্যুৎপৃষ্ট হৈ আকস্মিক মৃত্যু গভীৰ শোকৰ ছাঁ

বৰপেটা,৭আগষ্ট:

বৰপেটা জিলাৰ বাঘবৰৰ চাছৰা গাঁৱত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। বিদ্যুৎপৃষ্ট হৈ আকস্মিক মৃত্যুক আকোৱালি ল’লে ১নং চাছৰা গাঁৱৰ ইউছুপ খান(৩৫) নামৰ ব্যক্তি জন। মৰাপাট খেতিৰ পৰা খেতিৰ কাম শেষ কৰি ঘৰত আহি ঘৰৰ ভিতৰতে কিছু কাম কৰি থকা অৱস্থাত হঠাৎ টিনপাতৰ বেৰত স্পৰ্শ হৈ অচেতন হৈ পৰে ব্যক্তিগৰাকী। উল্লেখ্য যে পূৰ্বেই টিনপাতৰ বেৰত ঘৰখনৰ সকলোৰে অজ্ঞাতে বিদ্যুৎ সংযোগ হৈ থকাৰ বাবেই এই শোকাৱহ ঘটনা সংঘটিত হয়। ততাতৈয়াকৈ ব্যক্তিগৰাকীক মন্দিয়া আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে ব্যক্তিগৰাকীক মৃত বুলি ঘোষণা কৰে।দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰীৰ মৃত্যুয়ে সকলোকে মৰ্মাহত কৰিছে। পৰিয়ালটোক এতিয়া আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে চৰকাৰ প্ৰশাসনক কাতৰ অনুৰোধ জনাইছে ভুক্তভোগীৰ পৰিয়ালটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *