NFR জ’নত মাল গুদাম শ্ৰমিকসকলৰ বাবে নতুন ব্যৱস্থা শীঘ্ৰে কাৰ্যকৰী
সকলো সংশ্লিষ্ট পক্ষক অবিলম্বে অসম্পূৰ্ণ কাম সম্পন্ন কৰাৰ আহ্বান
গুৱাহাটীঃ

শ্ৰমজীৱী গুডছশ্বেড কৰ্পোৰেচনৰ তৰফৰ পৰা জনোৱা হৈছে যে, শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া দাবী—চাকৰিৰ সুৰক্ষা, পৰিচয়, স্বচ্ছতা, সামাজিক সুৰক্ষা, ন্যায্য সুবিধা আৰু উন্নত কৰ্ম পৰিৱেশ—সকলো বিষয় বিবেচনা কৰি এক বিস্তৃত আৰু সুসংগঠিত ৰোডমেপ প্ৰস্তুত কৰা হৈছে।
উক্ত ব্যৱস্থাটো ভাৰত চৰকাৰে প্ৰণয়ন কৰা চাৰিটা মুখ্য লেবাৰ কোড—
১) বেতন সংহিতা,
২) উদ্যোগিক সম্পৰ্ক সংহিতা,
৩) সামাজিক সুৰক্ষা সংহিতা,
৪) পেছাগত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম পৰিস্থিতি সংহিতা—
ইয়াৰ মূল লক্ষ্য আৰু উদ্দেশ্যৰ সৈতে সামঞ্জস্য ৰাখি সাজু কৰা হৈছে।

ৰেলৱেৰ উচ্চ পদস্থ বিষয়াসকলৰ লগত হোৱা আলোচনা, সংশ্লিষ্ট কৰ্তৃপক্ষৰ দিশ-নিৰ্দেশনা আৰু ভাৰতীয় ৰেলৱেৰ সকলো নীতি-নিয়ম মানি NFR জ’নৰ তিনিটা নিৰ্বাচিত মাল গুদামত প্ৰাথমিকভাৱে পৰীক্ষামূলক ভিত্তিত প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
এই কেন্দ্ৰসমূহৰ জৰিয়তে শ্ৰমিকসকলক আধুনিক লোডিং-আনলোডিং পদ্ধতি, সুৰক্ষা বিধি, যান্ত্ৰিক জ্ঞান, কৰ্মশৃঙ্খলা, দক্ষতা উন্নয়ন আৰু 24/7 কৰ্ম পৰিৱেশৰ বাবে প্ৰস্তুত কৰা হ’ব। ইয়াৰ ফলত কৰ্মক্ষেত্ৰত অধিক গতি, শৃঙ্খলা, সুৰক্ষা আৰু কাৰ্যদক্ষতা বৃদ্ধি পাব বুলি আশা কৰা হৈছে।
কৰ্পোৰেচনৰ তৰফৰ পৰা পুনৰ স্পষ্টভাৱে জনোৱা হৈছে যে, এই সমগ্ৰ ব্যৱস্থাৰ সকলো প্ৰধান প্ৰস্তুতি সম্পূৰ্ণ হৈছে; বৰ্তমান মাত্ৰ কিছু আনুষ্ঠানিক, প্ৰযুক্তিগত আৰু নথি-সংক্রান্ত প্ৰক্ৰিয়া বাকী আছে। এই অসম্পূৰ্ণ বিষয়সমূহ সম্পন্ন হোৱাৰ লগে লগে আনুষ্ঠানিক ঘোষণাৰ জৰিয়তে ব্যৱস্থাটো কাৰ্যকৰী কৰা হ’ব।

কৰ্পোৰেচনে স্পষ্ট কৰি দিছে যে, যিকোনো ধৰণৰ বিলম্ব, অৱহেলা বা অসহযোগিতাই সমগ্ৰ প্ৰক্ৰিয়াটো পিছুৱাই দিব পাৰে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ শ্ৰমিকসকলৰ সুবিধা, সুৰক্ষা আৰু নতুন ব্যৱস্থা লাভৰ ওপৰত পৰিব। সেয়েহে সকলো পক্ষই এই বিষয়ত সৰ্বোচ্চ গুৰুত্ব আৰোপ কৰি সময়সীমাৰ ভিতৰত নিজৰ দায়িত্ব পালন কৰাটো একান্তই প্ৰয়োজনীয়।
শ্ৰমিক সমাজৰ মাজত দেখা দিয়া আনন্দ, উৎসাহ, ইতিবাচক সঁহাৰি আৰু আশাবাদে এই পদক্ষেপক অধিক শক্তিশালী কৰি তুলিছে। শ্ৰমিকসকলৰ উন্নত ভবিষ্যৎ, অধিক সুৰক্ষা আৰু সংগঠিত কৰ্মব্যৱস্থাৰ স্বাৰ্থত সকলোৰে পূৰ্ণ সহযোগিতা একান্তই কাম্য।