ৰানীখটা ঘটনাৰ ওপৰত উচ্চতৰ,নিৰপেক্ষ আৰু সময়বদ্ধ তদন্ত আৰম্ভ কৰক:আইছা
চাইন অন ডেস্ক:

আদিবাসী যুৱ-ছাত্ৰ সন্থাঃ অসম (আইছা) স্পষ্টকৈ জনায় যে—এই সমগ্ৰ ঘটনাৰ ওপৰত এখন উচ্চতৰ, নিৰপেক্ষ আৰু সময়বদ্ধ তদন্ত অবিলম্বে আৰম্ভ কৰিব লাগে। যিকোনো বিষয়া বা কৰ্মচাৰী যদি দায়িত্বত অবহেলা, অত্যাচাৰ বা আইন উলংঘনৰ সৈতে জড়িত পোৱা যায়, তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।


এই প্ৰক্ৰিয়াক স্বচ্ছ আৰু সহজ কৰি বন গাঁওসমূহৰ ভূমি সমস্যাৰ স্থায়ী সমাধান নিশ্চিত কৰিব লাগে।
ইয়াৰ উপৰিও, আইছা ই তলত দিয়া গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে—
১. ঘটনাত আঘাতপ্ৰাপ্ত সকলো লোকৰ বাবে উপযুক্ত চিকিৎসা আৰু আৰ্থিক সহায় প্ৰদান কৰিব লাগে।
২. নিৰ্দোষ লোকক যদি অবৈধভাৱে গ্ৰেপ্তাৰ কৰা হৈছে, তেন্তে তেওঁলোকক তৎক্ষণাৎ মুক্তি দিব লাগে।
৩. বন বিভাগ আৰু স্থানীয় জনসাধাৰণৰ মাজত সংলাপ (dialogue) আৰম্ভ কৰি সমস্যা সমাধানৰ চেষ্টা কৰিব লাগে।
৪. আগন্তুক দিনত এনে ঘটনা পুনৰাবৃত্তি নোহোৱাকৈ মানৱ অধিকাৰ সুৰক্ষা নিশ্চিত কৰিব লাগে।
৫. বনাঞ্চলত বসবাস কৰা আদিবাসী লোকৰ জীৱিকা, সংস্কৃতি আৰু পৰিচয় ৰক্ষা কৰাৰ বাবে চৰকাৰে দীৰ্ঘমেয়াদী নীতি গ্ৰহণ কৰিব লাগে।

আইছা সংগঠনে সকলো পক্ষক শান্তি বজাই ৰাখিবলৈ আহ্বান জনায় আৰু ন্যায়সংগত আইনৰ জৰিয়তে সমাধানৰ বাবে চৰকাৰক দ্ৰুত পদক্ষেপ ল’বলৈ দাবী জনায়।
নৃপেন মুণ্ডা। ৰাজেশ কেৰ্কেটা
সভাপতি সম্পাদক
আদিবাসী যুৱ-ছাত্ৰ সন্থাঃ অসম (আইছা) কেন্দ্ৰীয় সমিতি