...

নগাঁৱৰ চামগুৰিত থানাত অঘটন!

নগাঁৱৰ চামগুৰিত থানাত অঘটন!

আৰক্ষীক উদন্ড চালক হেণ্ডিমেনৰ আক্ৰমণ

আহত উপ পৰিদৰ্শক

চাইন অন ডেস্ক,২নবেম্বৰ:

এইবাৰ চামগুৰি আৰক্ষী থানাৰ ভিতৰতে সুৰাসক্ত চালক হেণ্ডিমেনৰ তাণ্ডৱ।আৰক্ষীৰ ওপৰতে গুণ্ডাগিৰি কৰি আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে।যাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

সোণাৰিবালিত এখন চাৰিচকীয়া বাহনক খুন্দা মাৰি পলায়ন কৰিছিল এখন ট্ৰাকে। পলায়ন কৰা ট্ৰাক খনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে এখন পথাৰত। দুৰ্ঘটনাৰ সময়ত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন

সুৰাসক্ত অৱস্থাত আছিল। সুৰাসক্ত দুই চালক আৰু হেণ্ডিমেনক স্থানীয় ৰাইজে গতাই দিয়ে আৰক্ষীক। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নম্বৰ হৈছে AS 02 CC 3246 দূৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ দুই চালক আৰু হেণ্ডিমেন ক্ৰমে ৰছিদুল ইছলাম আৰু আবেদ আলী।

পিছত ঘটনস্থলীৰ পৰা আৰক্ষীয়ে দুই চালক হেণ্ডিমেনক লৈ আনে আৰক্ষী থানালৈ।

আৰক্ষী থানাৰ ভিতৰত দুয়োজনক সোধ পোছ কৰি থকাৰ সময়তে কেইবাজনো আৰক্ষীৰ ওপৰত কৰ্তব্যৰত অৱস্থাততে অতৰ্কিতে আক্ৰমণ কৰে দুই চালক হেণ্ডিমেনে।

এই আক্ৰমণত চামগুৰি আৰক্ষী নিৱেশৰ উপ পৰিদৰ্শক বিকাশ বৰা, কনিষ্টবল নিশান জ্যোতি বৰা, পল্লব বাঙঠাই, ভাইটি ইংতি আঘাট প্ৰাপ্ত হয়।

ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষীয়ে নিজাবীয়াকৈ দুই আক্ৰমণকাৰী চালক হেণ্ডিমেনৰ ওপৰত গোচৰ ৰুজু কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *