লেখিকা সন্থাৰ ৰূপালী জয়ন্তী সামৰণী অনুষ্ঠানৰ লাইখুটা স্থাপন
১৪ আৰু ১৫ নৱেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী
উপস্থিত থাকিব পদ্মশ্ৰী প্ৰহ্লাদ চন্দ্ৰ তাছা
চাইন অন ডেস্ক, ৯নৱেম্বৰ:
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বৰপথাৰ কুমাৰণীছিগা শাখাৰ ৰূপালী জয়ন্তী সামৰণী অনুষ্ঠানৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। এই উপলক্ষে আজি বামপথাৰস্থিত জ্যোতি বিষ্ণু ভূপেন্দ্ৰ প্ৰেক্ষাগৃহত মাংগলিক উৰুলি আৰু প্ৰাৰ্থনাৰ মাজেৰে অনুষ্ঠানৰ লাইখুটা স্থাপন কৰা হয়।
লাইখুটা স্থাপনৰ পূৰ্বে শাখা আৰু উদযাপন সমিতিৰ বিষয়ববীয়াসকলে কলীআইথানত উপস্থিত হৈ আশিস গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে লাইখুটা স্থাপন কৰা হয়। এই কাৰ্যসূচীত শাখাৰ সভানেত্ৰী ভাৰতী চক্ৰৱৰ্তী, কাৰ্যকৰী সভানেত্ৰী জ্যোৎস্না দেৱী, উপ-সভানেত্ৰী 

অনুষ্ঠানৰ দ্বিতীয় দিনা অনুষ্ঠিত হ’ব মুকলি সভা। সভাত সভাপতিত্ব কৰিব সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী পুষ্পা গগৈয়ে। ডিব্ৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জিতু বুঢ়াগোহাঁয়ে সভাখন উদ্বোধন কৰিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ জিতেন হাজৰিকাই মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। সন্মানীয় অতিথি হিচাপে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধায়ক প্ৰশান্ত ফুকন আৰু চক্ৰধৰ গগৈ তথা জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ উপস্থিতি আশা কৰা হৈছে।
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব জ্যোতি বৰগোহাঁই, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি বদন গগৈ, অনুবাদৰত্ন ড০ ৰঞ্জিত দত্ত, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা দিপালী গগৈ বৰুৱা আৰু ডিব্ৰুগড় জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড০ প্ৰাতসলতা বুঢ়াগোহাঁইকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। এই অনুষ্ঠানতে শাখাৰ স্মৰণিকা ‘মৈত্ৰেয়ী’কে ধৰি দুখন অভিনন্দন গ্ৰন্থ আৰু পাঁচখন মৌলিক গ্ৰন্থ উন্মোচনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। গ্ৰন্থসমূহ উন্মোচন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা ড০ ভাৰতী দত্ত, পদ্মশ্ৰী প্ৰহ্লাদ চন্দ্ৰ তাছা, লোকসংস্কৃতিৰ বিশেষজ্ঞ ড০ অনিল শইকীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড০ জয়ন্ত কুমাৰ বৰা, কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভানেত্ৰী দিপালী দত্ত শইকীয়া,উপ
সভানেত্ৰী ৰেণু ফুকন আৰু প্ৰকাশন সচিব ড০ জুনু মহন্তক। ইয়াৰ উপৰি সভাতে সমাজপ্ৰাণা ৰাজকুমাৰী গগৈ সোঁৱৰণী গল্পলিখা প্ৰতিযোগিতা আৰু নাট্যকাৰ জয়ন্ত কুমাৰ শৰ্মা সোঁৱৰণী নাটকৰ পাণ্ডুলিপি লিখা প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰা হ’ব। সন্ধিয়া নাট্যশ্ৰী অনিল শৰ্মা সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াত তেখেতৰ পৰিয়ালবৰ্গৰ সংগীতানুষ্ঠানৰ লগতে এখন নাট মঞ্চস্থ কৰা হ’ব।
ইফালে, শাখা আৰু উদযাপন সমিতিৰ সম্পাদিকাদ্বয়ে ৰূপালী জয়ন্তী সামৰণী অনুষ্ঠানৰ প্ৰতিটো কাৰ্যসূচীতে স্থানীয় মহিলাসকলৰ লগতে সমূহ শুভাকাংক্ষী ৰাইজৰ উপস্থিতি আৰু সৰ্বতোপ্ৰকাৰৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।