নদীবান্ধ বিৰুদ্ধে অৰুণাচল প্ৰদেশৰ ইষ্ট জিলা গেকুৰ পৰা ইটানগৰলৈ
আদি গালো ৱেলফেয়াৰ ছ’চাইটিৰ শান্তিপূৰ্ণ পদযাত্ৰা
চাইন অন ডেস্ক,৮নৱেম্বৰ:
যোৱা ৪ নৱেম্বৰ পৰা চিয়াং বহুমুখী নদীবান্ধৰ বিৰুদ্ধে অৰুণাচল প্ৰদেশৰ গেকুৰ পৰা ৰাজধানী ইটানগৰলৈ আদি গালো ৱেলফেয়াৰ ছ’চাইটিৰ যি পদযাত্ৰা কালি অসম অৰুণাচল সীমান্তৱৰ্তী জোনাইত উপস্থিত হোৱাৰ লগে লগে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP) আৰু অসম জাতীয় পৰিষদ (AJP) সম্পাদক চিত্তৰঞ্জন বসুমতাৰীৰ লগতে বিভিন্ন দল সংগঠনে আদৰণি জনায়৷
উল্লেখ্য যে প্ৰস্তাৱিত ছিয়াং আপাৰ মাল্টিপাৰপ’জ প্ৰজেক্ট (SUMP)ৰ বিৰুদ্ধে অৰুনাচলত প্ৰতিবাদ চলি থকাৰ সময়তে আদি গালো ৱেলফেয়াৰ ছ’চাইটি (AGWS)-এ যোৱা ৪ নৱেম্বৰৰ পৰা অৰুণাচল প্ৰদেশৰ গেকু অঞ্চলৰ পৰা ৰাজ্যৰ ৰাজধানী ইটানগৰলৈ এক ৪৫০ কিলোমিটাৰ এক দীঘলীয়া পদযাত্ৰা আৰম্ভ কৰিছিল আজি জোনাইত প্ৰৱেশ কৰাৰ পিছতে AJYCP আৰু AJPয়ে সহযোগ দিয়াৰ লগতে নদীবান্ধ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে অৰুনাচল আৰু কেন্দ্ৰীয় চৰকাৰ৷