...

ডিব্ৰুগড় গ্ৰন্থমহোৎসৱত ‘নতুনৰ দৃষ্টিৰে গ্ৰন্থ আলোচনা’ অনুষ্ঠান সম্পন্ন

ডিব্ৰুগড় গ্ৰন্থমহোৎসৱত ‘নতুনৰ দৃষ্টিৰে গ্ৰন্থ আলোচনা’ অনুষ্ঠান সম্পন্ন

চাইন অন ডেস্ক,৮ নৱেম্বৰ:

‘খোজ অসম’ৰ উদ্যোগত অনুষ্ঠিত সপ্তম ডিব্ৰুগড় গ্ৰন্থমহোৎসৱ, ২০২৬ৰে সংগতি ৰাখি ‘নতুনৰ দৃষ্টিৰে গ্ৰন্থ আলোচনা’-শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হয়। নতুন প্ৰজন্মৰ মাজত গ্ৰন্থপঠনৰ প্ৰতি আগ্ৰহ বৃদ্ধি, সমালোচনামূলক চিন্তাৰ বিকাশ আৰু গ্ৰন্থকেন্দ্ৰিক বৌদ্ধিক চৰ্চাৰ পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানত বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানটো সঞ্চালনা কৰে দুলীয়াজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক, লেখক ড° লক্ষ্যজিৎ বুঢ়াগোহাঁই আৰু মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক, লেখক ড° চন্দনজ্যোতি চুতীয়াই। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসীমজ্যোতি শইকীয়াই মনোজ কুমাৰ নাথৰ ‘আলফা: সেউজীয়া সপোন, তেজৰঙা ইতিহাস’, উদ্ধব তামুলী ফুকনে ৰক্তিম ৰঞ্জন শইকীয়াৰ ‘সন্ধান-অনুসন্ধান’, কমল নয়ন দত্তই হোমেন বৰগোহাঞিৰ ‘সুখ-দুখ’, বিবেকানন্দ গগৈয়ে ফাৰ্চী সাহিত্যিক চেহাবুদ্দিন তালেচৰ ‘তাৰিখ-ই-আচহাম’ (অসমীয়া অনুবাদ: ড° মাজহাৰ আছিফ আৰু এম. কামালুদ্দিন আহমেদ) আৰু সমীক্ষা ফুকনে জুৰী বৰা বৰগোহাঞিৰ ‘নেত্ৰী’ গ্ৰন্থৰ আলোচনা আগবঢ়ায়। মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অংকিতা চাংমায়ে পাওলো কোৱেলহোৰ ‘দ্য এলকেমিষ্ট’ (অসমীয়া অনুবাদ: ড° কুলকমল সেনাপতি), বৰষা গগৈয়ে মহিম বৰাৰ ‘কাঠনিবাৰী ঘাট’ আৰু জ্যোতিময়ী বৰঠাকুৰে গীতালি বৰুৱাৰ ‘হায়েনা’ গ্ৰন্থৰ বিষয়ে বক্তব্য আগবঢ়ায়। একেদৰে ডিব্ৰু মহাবিদ্যালয়ৰ গায়ত্ৰী দোলাষৰীয়াই ড° মৃণাল কলিতাৰ ‘বকুল ফুলৰ দৰে’ আৰু লোহিত মানিকীয়ালে প্ৰশান্ত কুমাৰ দাসৰ ‘নীল তমালৰ ৰ’দ’ আৰু ডি. ডি. আৰ. মহাবিদ্যালয়ৰ খনিন ৰঞ্জন বৰুৱাই অনুৰাধা শৰ্মা পূজাৰীৰ ‘ইয়াত এখন অৰণ্য আছিল’ গ্ৰন্থৰ আলোচনা কৰে। আলোচকসকলে নিৰ্বাচিত গ্ৰন্থসমূহৰ বিষয়বস্তু, সাহিত্যিক-সামাজিক গুৰুত্ব আৰু নিজা পঠন-অভিজ্ঞতা তথা মূল্যায়ন দাঙি ধৰে।
অনুষ্ঠানত সঞ্চালকদ্বয়ে গ্ৰন্থপঠন আৰু গ্ৰন্থ আলোচনাৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰি কয় যে, গ্ৰন্থপঠন কেৱল তথ্য আহৰণৰ মাধ্যম নহয়; ই চিন্তা, যুক্তিবোধ আৰু সমালোচনা মূলক দৃষ্টিভংগীৰ বিকাশৰো অন্যতম উপায়। গ্ৰন্থৰ অৰ্থ উপলব্ধিত পাঠকৰ সক্ৰিয় ভূমিকা থকাৰ বাবে নতুন প্ৰজন্মৰ নিজস্ব চিন্তা, মূল্যায়ন আৰু প্ৰশ্নসমূহক গুৰুত্ব দিয়া প্ৰয়োজন। গ্ৰন্থমেলাৰ সাৰ্থকতা কেৱল গ্ৰন্থ ক্ৰয়-বিক্ৰয়তে সীমাবদ্ধ নহয়; নতুন পঢ়ুৱৈ সৃষ্টি আৰু গ্ৰন্থকেন্দ্ৰিক চিন্তা-চৰ্চাৰ পৰিৱেশ গঢ়ি তোলাতো ইয়াৰ বিশেষ গুৰুত্ব আছে বুলি সঞ্চালকদ্বয়ে উল্লেখ কৰে। অনুষ্ঠানত উপস্থিত শ্ৰোতা-দৰ্শকৰ হৈ ডিব্ৰু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° স্মৃতিৰেখা চেতিয়া সন্দিকৈয়ে চমু বক্তব্যৰে আলোচকসকলক উৎসাহিত কৰে। ডি.ডি.আৰ. মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক তথা গ্ৰন্থ মহোৎসৱৰ সাহিত্য উপদেষ্টা লক্ষীনন্দন বৰগোহাঞিয়ে সকলোকে ‘খোজ অসম’ৰ হৈ আদৰণি আৰু কৃতজ্ঞতা জনায়। অনুষ্ঠানত যথেষ্টসংখ্যক গ্ৰন্থপ্ৰেমী শ্ৰোতা-দৰ্শক উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *