...

টেঙাখাতৰ অগ্নিকাণ্ডত মৃত্যুৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি

টেঙাখাতৰ অগ্নিকাণ্ডত মৃত্যুৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি

শৈলেন গগৈৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু

আন তিনিজনৰ অৱস্থাও সংকটজনক

মৃতকৰ পৰিয়ালক এককালীন ন্যূনতম ১ কোটি টকাৰ ক্ষতিপূৰণ

সংস্থাপনৰ দাবী ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ

চাইন অন ডেস্ক,৮নৱেম্বৰঃ

টেঙাখাতৰ অইল ইণ্ডিয়াৰ ইণ্টাৰমিডিয়েট টেংক ফাৰ্মত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনাই পুনৰ শোকৰ ছাঁ পেলাইছে। অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হৈ ডিব্ৰুগড়ৰ আস্থা হাস্পতালত চিকিৎসাধীন হৈ থকা শৈলেন গগৈৰ আজি মৃত্যু হয়। ইয়াৰ পূৰ্বে এই ভয়াৱহ দুৰ্ঘটনাটোত ৰাজু দত্ত, তাপসজ্যোতি গগৈ আৰু ৰূপম গোহাঁইৰ মৃত্যু হৈছিল। শৈলেন গগৈৰ মৃত্যুৰ লগে লগে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পালে।
ইফালে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন তিনিজন লোক ক্ৰমে টেঙাখাত আইটিএফৰ ইনষ্টলেশ্যন মেনেজাৰ অনিল কুমাৰ জাংহু, টাৰ্মিনেল মেনেজাৰ দীপাঞ্জল শৰ্মা আৰু চিজিএম দাণ্ডেশ্বৰ ডেকা বৰ্তমানেও ডিব্ৰুগড়ৰ আস্থা হাস্পতালত চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে, আটাইকেইজনৰে স্বাস্থ্যৰ অৱস্থা সংকটজনক।
এই ঘটনাক কেন্দ্ৰ কৰি অইল ইণ্ডিয়া আৰু ঠিকাদাৰী প্ৰতিষ্ঠানৰ ক্ষতিপূৰণৰ ব্যৱস্থাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই। জানিব পৰা মতে, অইলৰ ঠিকাদাৰী প্ৰতিষ্ঠান স্পেকট্ৰন ইঞ্জিনিয়াৰছ প্ৰাইভেট লিমিটেডে শনিহত লোকসকলৰ পৰিয়ালক ১০ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদানৰ কথা ঘোষণা কৰিছে। আনহাতে, আহতসকলক ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব। কিন্তু এই সাহায্যৰ পৰিমাণ পৰ্যাপ্ত নহয় বুলি অভিহিত কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে অধিক ক্ষতিপূৰণ, সংস্থাপন আৰু ন্যায়ৰ দাবী উত্থাপন কৰিছে ছাত্ৰ সন্থাই। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি বৰঠাকুৰে এই ঘটনাৰ বাবে অইল ইণ্ডিয়াৰ সম্পূৰ্ণ হেমাহীক জগৰীয়া কৰাৰ লগতে ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিবলৈ দাবী জনায়। তেওঁ কয় যে কেৱল আৰ্থিক সাহায্য প্ৰদান কৰিয়েই অইল ইণ্ডিয়া আৰু সংশ্লিষ্ট ঠিকাদাৰী প্ৰতিষ্ঠানে নিজৰ দায়িত্ব সামৰিব নোৱাৰে। এই ভয়াৱহ ঘটনাত মৃত্যু হোৱা আৰু আহতসকলৰ পৰিয়ালক উপযুক্ত সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। লগতে প্ৰতিটো মৃতকৰ পৰিয়ালক এককালীন সাহায্য হিচাপে ন্যূনতম এক কোটি টকাকৈ প্ৰদান কৰিব লাগিব। ছাত্র নেতা ৰূপজ্যোতি বৰঠাকুৰে কয় যে বাঘজানৰ ভয়াৱহ ঘটনাৰ পাছত ভৱিষ্যতে যাতে এনে ঘটনা পুনৰ সংঘটিত নহয়, তাৰ প্ৰতিশ্ৰুতি অইল ইণ্ডিয়াই প্ৰদান কৰিছিল। কিন্তু পুনৰ একেধৰণৰ অঘটনে অইলৰ সুৰক্ষা ব্যৱস্থা আৰু দায়িত্বশীলতাক লৈ গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে। ভৱিষ্যতে যাতে এনে দুৰ্ঘটনাৰ পুনৰাবৃত্তি নহয়, তাৰ বাবে অইল কৰ্তৃপক্ষই ফলপ্ৰসূ আৰু স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলিও তেওঁ দাবী জনায়। ইফালে, এই সমগ্ৰ বিষয়টোক লৈ কাইলৈ অইল ইণ্ডিয়াৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক (চিএমডি)ক সাক্ষাৎ কৰিব ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে। বিশেষভাৱে দুৰ্ঘটনাত মৃত্যু হোৱা আৰু আহত লোকসকলৰ পৰিয়ালৰ সদস্যসকলক লগত লৈ চিএমডিক সাক্ষাৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনটোৱে। সাক্ষাৎকালত ক্ষতিপূৰণ বৃদ্ধি, পৰিয়ালসমূহৰ সংস্থাপন, ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তদন্ত আৰু ভৱিষ্যতে এনে দুৰ্ঘটনা ৰোধৰ বাবে কঠোৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিব। ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি বৰঠাকুৰে স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ দাবীসমূহ মানি নল’লে সংগঠনটোৱে সৰ্বাত্মক কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব।
উল্লেখ্য যে বৃহস্পতিবাৰে পুৱা প্ৰায় ৯ বজাত টেঙাখাতস্থিত অইল ইণ্ডিয়াৰ ইণ্টাৰমিডিয়েট টেংক ফাৰ্মত সংঘটিত হৈছিল এই ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছিল। পৰৱৰ্তী সময়ত আহতসকলক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ আস্থা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু চিকিৎসাধীন অৱস্থাত এজনৰ পাছত আন এজনকৈ চাৰিজন লোকৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ সৃষ্টি কৰিছে। একে সময়তে এই ঘটনাৰ প্ৰকৃত কাৰণ নিৰ্ধাৰণ, দায়িত্ব নিৰূপণ আৰু ভৱিষ্যতে এনে দুৰ্ঘটনা প্ৰতিৰোধৰ দাবীও অধিক জোৰদাৰ হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *