...

ধুবুৰী জিলাত ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক স্থাপনৰ প্ৰস্তাৱ

ধুবুৰী জিলাত ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক স্থাপনৰ প্ৰস্তাৱ

জিলা আয়ুক্ত দিবাকৰ নাথৰ ঘোষণা

ধুবুৰী,২নৱেম্বৰ:

অসমৰ শিল্পায়ন আৰু ধুবুৰী জিলাৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে জিলাখনত এখন ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক (Industrial Park) স্থাপনৰ এক বিস্তৃত প্ৰস্তাৱ হাতত লোৱা হৈছে। এয়া সদৰি কৰিছে ধুবুৰী জিলাৰ জিলা আয়ুক্ত দিবাকৰ নাথে।যোৱা ১ নৱেম্বৰত জিলাখনৰ গৌৰীপুৰ ৰাজহ চক্ৰৰ অধীনস্থ আলমগঞ্জ নৱম খণ্ডত উচ্ছেদ অভিযান সম্পন্ন হোৱাৰ পিছত জিলা আয়ুক্তগৰাকীয়ে প্ৰস্তাৱিত উদ্যোগিক প্ৰকল্পটোৰ বিষয়ে সদৰী কৰে। অৱশ্যে, এই প্ৰকল্প সন্দৰ্ভত চৰকাৰৰ পৰৱৰ্তী নিৰ্দেশনালৈ অপেক্ষা কৰি থকা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক সীমান্তৰ কাষত অৱস্থিত হোৱাৰ বাবে ধুবুৰী জিলাৰ ভৌগোলিক তথা কৌশলগত গুৰুত্ব যথেষ্ট বেছি। ইয়াৰ উপৰি, নিৰ্মাণাধীন ধুবুৰী-ফুলবাৰী দলংখন সম্পূৰ্ণ হ’লে জিলাখনৰ যোগাযোগ ব্যৱস্থা অধিক উন্নত হোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে সংযোগ স্থাপনৰ ক্ষেত্ৰত ধুবুৰীৰ গুৰুত্ব বৃদ্ধি পাব বুলি আশা কৰা হৈছে।শ্ৰীৰামপুৰ আৰু আগমণি-বক্সিৰহাটৰ দৰে গুৰুত্বপূৰ্ণ পথৰ জৰিয়তেও ধুবুৰী জিলাই অসমৰ সৈতে আন্তঃৰাজ্যিক যোগাযোগৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে। জিলাখনৰ এনে কৌশলগত অৱস্থানৰ পৰিপ্ৰেক্ষিতত উদ্যোগ স্থাপন আৰু বিনিয়োগৰ যথেষ্ট সম্ভাৱনা আছে বুলি জিলা আয়ুক্তগৰাকীয়ে মত প্ৰকাশ কৰে। তাৰেই পৰিপ্ৰেক্ষিতত জিলাখনৰ উন্নয়ন তথা শিল্পায়নৰ বাবে প্ৰায় ৩,০০০ বিঘা মাটিৰ প্ৰয়োজন হ’ব বুলিও জিলাখনৰ আয়ুক্ত দিবাকৰ নাথে সদৰি কৰে।আনহাতে, ভৱিষ্যতৰ উদ্যোগিক প্ৰকল্প আৰু উন্নয়নমূলক কাম-কাজৰ বাবে প্ৰয়োজনীয় ভূমি উপলব্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰী তথা খাচ ভূমি বেদখলমুক্ত কৰাটো গুৰুত্বপূৰ্ণ বুলি তেওঁ উল্লেখ কৰে। চৰকাৰী ভূমি অবৈধভাৱে বেদখল কৰি ৰখাটো কেৱল জিলাখনৰ বাবেই নহয়, সমগ্ৰ ৰাজ্যখনৰ বাবেও এক বৃহৎ ক্ষতি বুলি মন্তব্য কৰে জিলা আয়ুক্ত দিবাকৰ নাথে। জিলাখনত উদ্যোগিক বিকাশৰ বৰ্ধিত চাহিদা পূৰণৰ লক্ষ্যৰে চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। উল্লেখ্য যে, প্ৰস্তাৱিত ইণ্ডাষ্ট্ৰিয়েল পাৰ্কখন বাস্তৱায়িত হ’লে ধুবুৰী জিলাত নতুন বিনিয়োগৰ সম্ভাৱনা সৃষ্টি হোৱাৰ লগতে স্থানীয় যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ নতুন সুযোগ মুকলি হোৱাৰ আশা কৰা হৈছে। অৱশ্যে, প্ৰকল্পটোৰ চূড়ান্ত ৰূপ আৰু পৰৱৰ্তী পদক্ষেপ চৰকাৰৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *