...

নগৰবেৰাত ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন

নগৰবেৰাত ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন

নগৰবেৰা,২নৱেম্বৰ:

পৰম্পৰাগত উচাহ-উদ্দীপনাৰে আজি কামৰূপৰ বকো-ছয়গাঁও সমষ্টিৰ অন্তৰ্গত নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়।
উখল মাখল পৰিবেশৰ মাজত ৯৪ সংখ্যক নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন কাৰ্যসূচী সম্পন্ন হয়।ভক্তি, আধ্যাত্মিকতা আৰু ঐতিহ্যৰ সমন্বয়েৰে অনুষ্ঠিত হ’বলগীয়া ৯৪ সংখ্যক নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে উৎসৱমুখৰ পৰিৱেশ। অহা ২৩ নৱেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ পোন্ধৰ দিনীয়া বিস্তৃত ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া ৰাস মহোৎসৱটিৰ আজি সোমবাৰৰ পুৱা নগৰবেৰা ৰাস ময়দানত মাংগলিক ৰীতি-নীতিৰে শুভ লাইখুঁটা স্থাপন কৰা হয়।সেই উপলক্ষে পুৱা ৮-৩০ বজাত স্থানীয় ৰাস ময়দান প্ৰাংগণত ৰাস উদযাপন সমিতিৰ মুখ্য সম্পাদক ৰাতুল কুমাৰ মেধিয়ে আঁতধৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মাংগলিক কাৰ্যসূচীৰে ৯৪ সংখ্যক নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন কৰে ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি দীনেশ কলিতা আৰু কাৰ্যকৰী সভাপতি টিকেন্দ্ৰ চন্দ্ৰ দাসে।অনুষ্ঠানটিত ৰাস উদযাপন সমিতিৰ বিষয়ববীয়া সকল, অঞ্চলটোৰ একাংশ গন্য মান্য ব্যক্তি উপস্থিত থাকে।
উদযাপন সমিতিয়ে ৰাস মহোৎসৱটি সফল আৰু সৰ্বাংগসুন্দৰ কৰি তুলিবলৈ সমূহ ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *