ডিব্ৰুগড় জিলা পুথিভঁৰালত মিছন ডেভেলপমেন্ট ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠা দিৱস
শিক্ষাবিদ ,সমাজকৰ্মী,শিল্পী, সাংবাদিকক বিশেষ সম্বৰ্ধনা
চাইন অন ডেস্ক,২০জুলাই:

“মানৱ সেৱাই আমাৰ ধৰ্ম, সমাজ উন্নয়নেই আমাৰ লক্ষ্য”— এই মূল মন্ত্ৰক বুকুত বান্ধি আগবাঢ়ি যোৱা মিছন ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ উদ্যোগত এইবেলিও অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান সম্পন্ন হৈ যায়। উক্ত কাৰ্যসূচীৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ শিক্ষা, সংস্কৃতি, ক্ৰীড়া আৰু সংবাদ জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক ফাউণ্ডেশ্যনৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
এই বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ বঁটা হিচাপে ‘মহীয়সী গুৰু বঁটা’ প্ৰদান কৰা হয় দুলীয়াজান টিপলিংঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক জগত চন্দ্ৰ বৰুৱাক। ইয়াৰ উপৰিও শিক্ষা তথা সমাজ সংস্কাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে লাহোৱালৰ বিশিষ্ট শিক্ষাবিদ-লেখক তথা SKS ENGLISH ACAMEDYৰ সঞ্চালক ড০ দয়ানন্দ 
অনুষ্ঠানত অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই উপস্থিত থাকি বঁটা প্ৰাপক সকলক উষ্ম আদৰণি জনোৱাৰ লগতে মিছন ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ বাৰ্ষিক স্মৃতিগ্ৰন্থ উন্মোচন কৰি শুভেচ্ছামূল বক্তব্য আগবঢ়ায়। উক্ত অনুষ্ঠানত সমান্তৰালভাৱে ক্ৰীড়া জগতৰ খেলুৱৈসকলক ক্ৰীড়া সামগ্ৰী তথা সাজ-পোছাক আৰু ডিব্ৰুগড় জিলাৰ ১১ গৰাকী নিৰ্বাচিত মহিলাক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে সূতা বিতৰণ কৰা হয়।সভাত লাহোৱাল এছ কে এছ ইংলিছ একাডেমীৰ পৰিচালন সঞ্চালক ড:দয়ানন্দ শ্বাহে মিছন ডেভেলপমেন্ট ফাউণ্ডেশ্যনে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত শিক্ষাবিদ, শিল্পী ,সাংবাদিক বঁটা প্ৰদান আৰু সম্বৰ্ধনাই সকলোকে নিজৰ ক্ষেত্ৰখনত আগুৱাই যোৱাৰ সন্দৰ্ভত অনুপ্ৰাণিত কৰিৱ তথা ভৱিষ্যতৰ দিনত দায়বদ্ধতাক প্ৰতিফলিত কৰিৱ বুলি প্ৰকাশ কৰে।
অনুষ্ঠানৰ সন্দৰ্ভত এম. ডি. ফাউণ্ডেশ্যনৰ মাধৱ দাসে মননশীল বক্তব্য আগবঢ়ায়।
মিছন ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ এই সমাজমুখী পদক্ষেপে সমাজৰ প্ৰতিটো স্তৰৰ লোককে অনুপ্ৰাণিত কৰিব বুলি আশা কৰিছে ৰাইজে।