...

বানপানী! গুৱাহাটী–ডিব্ৰুগড় সংযোগী পথ ব্যাহত

বানপানী!
গুৱাহাটী–ডিব্ৰুগড় সংযোগী পথ ব্যাহত

যান-বাহন চলাচল ব্যাহত বাতিল বহুকেইখন ৰে’ল

চাইন অন ডেস্ক,২০জুলাইঃ

ৰাজ্যজুৰি অব্যাহত থকা প্ৰলয়ংকাৰী বান পৰিস্থিতিৰ বাবে জনজীৱন স্তব্ধ হৈ পৰাৰ লগতে যাতায়াত ব্যৱস্থাও চূড়ান্তভাৱে ব্যাহত হৈ পৰিছে। বিশেষকৈ গুৱাহাটী–ডিব্ৰুগড় সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাটাও স্থান জলমগ্ন হৈ পৰাত যান-বাহন চলাচলৰ ক্ষেত্ৰত জটিলতা সৃষ্টি হৈছে। বানপানীৰ ফলত শিৱসাগৰ আৰু যোৰহাট জিলাৰ একাধিক অংশৰ পথ প্লাৱিত হৈছে। ইয়াৰ ফলত গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে অহা

বাহনসমূহৰ চলাচল সাময়িকভাৱে স্তব্ধ হৈ পৰিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহনসমূহক কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই দিয়া হৈছে। ডিব্ৰুগড় জিলা প্ৰশাসনে এক নিৰ্দেশনা জাৰি কৰি ডিব্ৰুগড়মুখী

বাহনসমূহক তেজপুৰ–বিশ্বনাথ চাৰিআলি হৈ বগীবিল দলঙৰ মাজেৰে চলাচল কৰিবলৈ পৰামৰ্শ দিছে। বান পৰিস্থিতি শাম কটাৰ পিছত আৰু পথৰ অৱস্থা স্বাভাৱিক হ’লেই পূৰ্বৰ দৰে ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ যান-বাহন চলাচল আৰম্ভ কৰা হ’ব বুলি প্ৰশাসনে জনাইছে। লগতে প্ৰশাসনে চালকসকলক যান-বাহন আৰক্ষীৰ সকলো নিৰ্দেশনা মানি চলিবলৈ আৰু প্ৰয়োজন নহ’লে প্লাৱিত পথসমূহেৰে যাত্ৰা নকৰিবলৈ আহ্বান জনাইছে।

পথৰ লগতে ৰে’ল যাতায়াতৰ ওপৰতো বানপানীয়ে ব্যাপক প্ৰভাৱ পেলাইছে। এই বান পৰিস্থিতিৰ বাবে উজনিমুৱা পাঁচখন আৰু নামনিমুৱা পাঁচখনকৈ মুঠ দহখন ৰে’ল বাতিল কৰা হৈছে। বাতিল হোৱা ৰে’লসমূহৰ ভিতৰত শিলিগুড়ি–ডিব্ৰুগড় পেচেঞ্জাৰ, ৰঙীয়া–তিনিচুকীয়া ইণ্টাৰচিটি, লামডিং–তিনিচুকীয়া ডেমু আদিকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ ৰে’ল সেৱা অন্তৰ্ভুক্ত হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *