...

উপাসনা কলাকেন্দ্ৰৰ গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠানৰ বৰ্ণাঢ্য সামৰণি

উপাসনা কলাকেন্দ্ৰৰ গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠানৰ বৰ্ণাঢ্য সামৰণি

চাইন অন ডেস্ক,২০জুলাই:

উপাসনা কলাকেন্দ্ৰৰ উদ্যোগত আৰু সন্ধানী মহিলা চ’ৰা, ডিব্ৰুগড় তথা সৃষ্টি প্ৰভাত, গুৱাহাটীৰ সহযোগত অনুষ্ঠিত সাতদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ কালি এক গাম্ভীৰ্যপূৰ্ণ আৰু বৰ্ণাঢ্য কাৰ্য্যসূচীৰে সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। মুখ্য অতিথি, বিশিষ্ট অতিথি আৰু আন আন আমন্ত্ৰিত অতিথিসকলক উষ্ম আদৰণি জনোৱাৰ পাছতে পৰম্পৰাগতভাৱে বন্তি প্ৰজ্বলন আৰু মঙ্গলাচৰন ধ্বনিৰে মাধ্যমেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিশিষ্ট অতিথি তথা প্ৰাক্তন উপাচাৰ্য, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড: কন্দৰ্প কুমাৰ ডেকাই।
অনুষ্ঠানৰ আৰম্ভণিতে উপাসনা কলাকেন্দ্ৰৰ অধ্যক্ষ তৰুণ কুমাৰ গগৈয়ে আদৰণি ভাষণ আগবঢ়াই কৰ্মশালাৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে কৰ্মশালাখন সফল কৰি তোলাত সহযোগিতা আগবঢ়োৱা সকলো অতিথি, প্ৰশিক্ষক, অভিভাৱক আৰু শুভাকাঙ্খী সকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
ইয়াৰ পিছতে মুখ্য অতিথি, বিশিষ্ট অতিথি আৰু উপস্থিত অন্যান্য বিশিষ্ট ব্যক্তিসকলক ফুলাম গামোচা, চেলেঙ চাদৰ, শৰাই আদি আগবঢ়াই সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মুখ্য অতিথি হিচাপে উপস্থিত থাকে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ নিৰোদ বৰুৱা। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ কন্দৰ্প কুমাৰ ডেকা। আনহাতে, বিশিষ্ট কবি-সাহিত্যিক সাহিত্যচাৰ্য
ড০ কৰবী ডেকা হাজৰিকা, জনপ্ৰিয় সমাজসেৱক আত্মাৰাম আগৰৱালাকে ধৰি বহু গণ্য-মান্য ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে।
কৰ্মশালা কমিটিৰ সভাপতি ড০ পংকজ কুমাৰ শ্ৰুতিকৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি শিল্প-সংস্কৃতিৰ চৰ্চাৰ জৰিয়তে শিশু-কিশোৰসকলৰ সৃজনশীল প্ৰতিভা বিকাশৰ ক্ষেত্ৰত এনে কৰ্মশালাৰ গুৰুত্ব আলোকপাত কৰে।
ইয়াৰ পিছতে ড০ কৰবী ডেকা হাজৰিকাই অনুস্থানৰ প্ৰথম প্ৰদৰ্শন নাট মেলা অৰ্থাৎ ঝুমৰ ( অঙ্কীয়া নাট) বিষয়ে সংক্ষিপ্ত বক্তব্য আগবঢ়াই মঞ্চ মুকলি কৰে।কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলে এক মনোমোহা উদ্বোধনী নৃত্য পৰিৱেশন কৰি অনুষ্ঠানৰ সাংস্কৃতিক পৰ্ব আৰম্ভ কৰে। ইয়াৰ পিছতে মুখ্য অতিথি ড০ নিৰোদ বৰুৱাই তেওঁৰ আশীৰ্বাদমূলক ভাষণত উপাসনা কলাকেন্দ্ৰই দীৰ্ঘদিন ধৰি শিল্প-সংস্কৃতিৰ বিকাশ আৰু নতুন প্ৰজন্মৰ ব্যক্তিত্ব গঠনত আগবঢ়াই অহা অৱদানৰ উচ্চ প্ৰশংসা কৰে।
তাৰ পিছতে কৰ্মশালাত বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা সকলো প্ৰশিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
অনুষ্ঠানৰ পৰৱৰ্তী কাৰ্যসূচীত প্ৰশিক্ষাৰ্থীসকলে দেশপ্ৰেমমূলক সমবেত সংগীত পৰিৱেশন কৰে। ইয়াৰ পিছতে ২০০৪ চনৰ পৰা ২০২৬ চনলৈ উপাসনা কলাকেন্দ্ৰৰ গৌৰৱোজ্জ্বল যাত্ৰাৰ বিভিন্ন দিশ সামৰি প্ৰস্তুত কৰা এখনি স্মৃতিগ্ৰন্থ “এক বৰ্ণিল যাত্ৰা” ৰ বিষয়ে প্ৰতিষ্ঠাপক সভানেত্ৰী ঝৰ্ণা শইকীয়াই উল্লেখ কৰে আৰু বিশিষ্ট অতিথি ড০ কন্দৰ্প কুমাৰ ডেকাই আনুষ্ঠানিকভাৱে উন্মোচন কৰে আৰু সকলোকে অভিনন্দন জনায়। এনে এক মহৎ কাৰ্যৰ বাবে ড:ডেকাই এই পত্ৰিকাখন প্ৰকাশ কৰাৰ ক্ষেত্ৰত গ্ৰীষ্মকালীন কৰ্মশালা কমিটিৰ সকলোকে ভূয়সী প্ৰশংসা কৰে। ইয়াৰ পিছত প্ৰশিক্ষাৰ্থীসকলে এখন চুটি নাটক “অৰণ্যৰ চকুলো ” প্ৰদৰ্শন কৰে । ইয়াৰ ওপৰিও পৰীক্ষাৰ্থী সকলে সত্ৰীয়া নৃত্য, ঝুমুইৰ নৃত্য, চাহ জনগোষ্ঠীৰ ঢোল বাদন আদি মনোমোহা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি উপস্থিত দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰে। সমল ব্যক্তি কৃষ্ণা পঙ্কজা দত্ত, চুমি ফুকন, অজয় দত্ত, সোনাৰয় ঘাটোৱাৰ আদি কৰি কেইবাগৰাকীও ব্যক্তিয়ে এই প্ৰশিক্ষণত ভাগ লয়। অনুষ্ঠানত উপস্থিত সন্মানীয় অতিথিসকলেও নিজৰ অনুভৱ ব্যক্ত কৰি উপাসনা কলাকেন্দ্ৰৰ শিল্প-সংস্কৃতিৰ বিকাশ, মানৱীয় মূল্যবোধৰ প্ৰচাৰআৰু শিশু-কিশোৰসকলৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত আগবঢ়াই অহা অনবদ্য অৱদানৰ উচ্চ প্ৰশংসা কৰে। ইয়াৰ ভিতৰত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নোমল গগৈ, বৰ্তমান সভাপতি বদন গগৈ আৰু পৰমেশ্বৰ নলবৰীয়া অন্যতম । এই ক্ষেত্ৰত সন্ধানী মহিলা চ’ৰাৰ সভানেত্ৰী নিহাৰীকা শ্ৰুতিকৰেও তেওঁৰ বক্তব্য আগবঢ়ায়।
অনুষ্ঠানৰ অন্তিম পৰ্বত কৰ্মশালাত অংশগ্ৰহণ কৰা সকলো প্ৰশিক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। শেষত উপাসনা কলা কেন্দ্ৰৰ সভাপতি দীপক কুমাৰ দত্তই সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু ইয়াৰ পাছতেই জাতীয় সংগীত পৰিৱেশনেৰে সাতদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি ঘোষণা কৰা হয়।
উপস্থিত অভিভাৱক, শুভানুধ্যায়ী আৰু শিল্প-সংস্কৃতিপ্ৰেমী ৰাইজৰ উৎসাহপূৰ্ণ অংশগ্ৰহণে অনুষ্ঠানটো অধিক সাৰ্থক আৰু স্মৰণীয় কৰি তোলে।
আজিৰ এই কাৰ্যসূচী সূচাৰুৰূপে পৰিচালনা কৰে সন্ধানী মহিলা চ’ৰাৰ সম্পাদিকা লক্ষহীৰা গগৈয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *