...

পাঁচদিনীয়া নৱজাতকক নিজ মাতৃয়ে হানিখুচি হত্যাৰ অভিযোগ

পাঁচদিনীয়া নৱজাতকক নিজ মাতৃয়ে হানিখুচি হত্যাৰ অভিযোগ

নগৰবেৰা,২০জুলাই:

কামৰূপৰ নগৰবেৰা আৰক্ষী থানা আৰু টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰংগেশ্বৰী পাম গাঁৱত চাঞ্চল্যকৰ কাণ্ড। পাঁচদিনীয়া নৱজাতকক নিজ মাতৃয়ে হানিখুচি হত্যা কৰাৰ অভিযোগ।চেলাইনৰ বেজিৰে আক্ৰমণ কৰাৰ লগতে ডিঙি চেঁপি হত্যা কৰাৰ সন্দেহ,মৃত শিশুটি মেহেনা ইছলাম, শিশুটিৰ শৰীৰৰ কেইবাঠাইতো আঘাতৰ চিন স্পষ্ট। তেজেৰে লুটুৰি পুটুৰি হৈ পৰে, পাছলৈ পৰিয়ালৰ লোকে ঘৰৰ ভিতৰলৈ গৈ সকলো প্ৰত্যক্ষ কৰাত এই লোমহৰ্ষক কাণ্ড ফাদিল হয়।
গাঁৱখনৰ মেহেবুল হক নামৰ যুৱকজনৰ পত্নী শ্বহনাজ বেগমৰ বিৰুদ্ধে এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।
ঘটনাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও মহিলাগৰাকী মানসিক বিকাৰগ্ৰস্ত বুলিও উল্লেখ।ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু তদন্ত অব্যাহত ৰাখিছে।ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিয়পেৱ

Leave a Reply

Your email address will not be published. Required fields are marked *