...

দিল্লীৰ ছাত্ৰ-যুৱ আন্দোলনৰ সমৰ্থনত ডিব্ৰুগড়ত চিপিআই (এমএল)ৰ প্ৰতীকী অনশন

দিল্লীৰ ছাত্ৰ-যুৱ আন্দোলনৰ সমৰ্থনত ডিব্ৰুগড়ত চিপিআই (এমএল)ৰ প্ৰতীকী অনশন

 

চাইন অন ডেস্ক,২০জুলাই:

ক’কৰোচ জনতা পাৰ্টিৰ আহ্বানত আজি দেশজুৰি অনুষ্ঠিত সংসদ মাৰ্চ কাৰ্যসূচীৰ সৈতে সংহতি প্ৰকাশ কৰি আৰু দিল্লীত সোনাম ৱাংচুক, নেহা, আমিন, মনীশ আদি আন্দোলনৰত ছাত্ৰ-যুৱ কমৰেডসকলৰ প্ৰতি সংহতি জনাই চিপিআই (এমএল) ৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আজি ডিব্ৰুগড়ৰ চৌকিডিঙ্গীত এক দিনীয়া প্ৰতীকী অনশন কাৰ্যসূচী অনুষ্ঠিত হয়।

চিপিআই (এমএল)-এ অভিযোগ কৰে যে, ছাত্ৰ-যুৱসকলৰ গণতান্ত্ৰিক দাবীৰ প্ৰতি সঁহাৰি জনোৱাৰ পৰিৱৰ্তে মোদী চৰকাৰে আৰক্ষীৰ জৰিয়তে আন্দোলন দমন কৰাৰ পথ বাছি লৈছে। সংসদ মাৰ্চ কাৰ্যসূচীত বাধা প্ৰদান, আন্দোলনকাৰীসকলক আটক কৰা আৰু বিশেষকৈ সমাজকৰ্মী সোনাম ৱাংচুকক বলপূৰ্বক উঠাই নিয়াৰ ঘটনা গণতান্ত্ৰিক অধিকাৰৰ ওপৰত এক নগ্ন আক্ৰমণ। এই স্বৈৰাচাৰী কাৰ্যৰ চিপিআই (এমএল)-এ তীব্ৰ নিন্দা আৰু ধিক্কাৰ জনাইছে।

আজি পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত অনশন কাৰ্যসূচীত চিপিআই (এমএল)-ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বলিন্দ্ৰ শইকীয়া, অসম ৰাজ্যিক সমিতিৰ সদস্য ঘনশ্যাম মুণ্ডা আৰু মীৰা তাঁতী, বিপ্লৱী যুৱ সন্থাৰ ৰাজ্যিক সভানেত্ৰী কুন্তী তাঁতী, আৰু প্ৰগতিশীল নাৰী সন্থাৰ ডিব্ৰুগড় জিলা সভানেত্ৰী ৭৫ বছৰীয়া অন্নদা বড়া গগৈ অনশনত বহে।

অনশনকাৰীসকলে NTA অবিলম্বে বাতিল কৰা, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নৈতিক দায় স্বীকাৰ কৰি পদত্যাগ কৰা, দিল্লীত ছাত্ৰ-যুৱ আন্দোলনৰ ওপৰত আৰক্ষীৰ দমন-পীড়ন অবিলম্বে বন্ধ কৰা, সোনাম ৱাংচুক, নেহা, আমিন, মনীশসহ আন্দোলনৰত ছাত্ৰ-যুৱসকলৰ ন্যায্য দাবীসমূহ অবিলম্বে মানি লোৱাৰ দাবী জনায়।

কাৰ্যসূচীত বিশিষ্ট বিজ্ঞানী ড° পৰমানন্দ মহন্ত, গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি শৰৎ নেওঁগ, ট্ৰেড ইউনিয়ন কৰ্মী ধ্ৰুৱজ্যোতি বৰ্ধনৰ লগতে
চিপিআই (এম)ৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক সুৰেশ ডেকা, সদস্য প্ৰকাশ ৰাজখোৱা, জগন্নাথ ফুকন, চিপিআই দলৰ যতীন শইকীয়া, প্ৰাণজিৎ সোনোৱাল, অসম জাতীয় পৰিষদৰ কেন্দ্রীয় সমিতিৰ সদস্য অনন্ত কুমাৰ গগৈ, সদস্য প্ৰাৰ্থপ্ৰতিম ভূঞা, দীপাংকৰ দেব, ভাস্কৰ সন্দিকৈ, দেইজী লহকৰ, লীলা কান্ত ঢেকিয়াল, ভূপেন ফুকন, দেবজিৎ বৰা, আৰ চি পি আইৰ উত্তম চেতিয়া, চিপিআই (এমএল) দলৰ ডিব্ৰুগড় জিলা সদস্য বিনোদ মুড়া, জীতানু গড়াইট, মায়া মুড়া, দীনেশ গড়াইটকে ধৰি বহু সংখ্যক পাৰ্টি সদস্য, গণতান্ত্ৰিক সংগঠনৰ কৰ্মী আৰু সমৰ্থক উপস্থিত থাকে।

চিপিআই (এমএল)ৰ ডিব্ৰুগড় জিলা সমিতিয়ে স্পষ্টকৈ ঘোষণা কৰে যে, আৰক্ষীৰ লাঠি, গ্ৰেপ্তাৰ আৰু দমনে জনগণৰ ন্যায্য আৰু গণতান্ত্ৰিক আন্দোলন কেতিয়াও স্তব্ধ কৰিব নোৱাৰে। দেশৰ শিক্ষাব্যৱস্থা, গণতন্ত্ৰ আৰু সাংবিধানিক অধিকাৰ ৰক্ষাৰ সংগ্ৰাম অধিক শক্তিশালী ৰূপত অব্যাহত থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *