...

মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা

Spread the love

মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা

জালত কুখ্যাত ড্ৰাগছ মাফিয়া ‘নল’
নগদ ৭ লাখ টকা, সোণ সহ মাতৃ-পুত্ৰ আটক

মাৰ্ঘেৰিটা,১মে:

ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত থকা তীব্ৰ অভিযানৰ মাজতে মাৰ্ঘেৰিটাত আৰক্ষীয়ে এক বৃহৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। তিনিচুকীয়া জিলা আৰক্ষীৰ এক বিশেষ অভিযানত অৱশেষত আৰক্ষীৰ জালত পৰিল অঞ্চলটোৰ কুখ্যাত ড্ৰাগছ মাফিয়া চন্দন দাস ওৰফে নল (৪৬)। চন্দন দাসৰ লগতে এই ক’লা ব্যৱসায়ত সহযোগ কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে তেওঁৰ মাতৃ পুতুলি দাসকো।মাটিৰ তলত লুকাই ৰাখিছিল ৭ লাখ টকা:তিনিচুকীয়া জিলাৰ ডি এছ পি ফায়েজ আহমেদ আৰু মাৰ্ঘেৰিটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিলোৎপল দলেৰ নেতৃত্বত চলোৱা এই অভিযানত মাফিয়াটোৰ ঘৰৰ পৰা কেৱল ড্ৰাগছেই নহয়, উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নগদ ধন। অতি কৌশলেৰে ঘৰৰ ভিতৰত মাটিৰ তলত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে ৭,২০,৯৫০ (সাত লাখ ২০ হাজাৰ ৯শ ৫০) টকা উদ্ধাৰ কৰে।জব্দকৃত সামগ্ৰীৰ তালিকা:অভিযানকাৰী দলে ধৃত চন্দনৰ জিম্মাৰ পৰা নিম্নলিখিত সামগ্ৰীসমূহ জব্দ কৰিছে:

২৮.২১ গ্ৰাম নিষিদ্ধ ড্ৰাগছ।

নগদ ৭,২০,৯৫০ টকা।

৪৫.৩৭ গ্ৰাম ওজনৰ এডাল সোণৰ চেইন।

৩ টা মোবাইল হেণ্ডছেট।

ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহৃত বহুতো আপত্তিজনক সামগ্ৰী।নৱপ্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া ‘নল’:উল্লেখনীয় যে, ধৃত চন্দন দাস ওৰফে নল এজন দাগী অপৰাধী। ইয়াৰ পূৰ্বেও কেইবাবাৰো ড্ৰাগছৰ গোচৰত সি কাৰাগাৰলৈ গৈছিল যদিও জামিনত ওলাই আহি পুনৰ এই মৰণফাণ্ড মেলে। অঞ্চলটোৰ নৱপ্ৰজন্মক ড্ৰাগছৰ কবললৈ ঠেলি দি নিজৰ সাম্ৰাজ্য গঢ়ি তোলা এই মাফিয়াটোৰ বিৰুদ্ধে আজিৰ এই সফল অভিযানক মাৰ্ঘেৰিটাৰ সচেতন ৰাইজে আদৰণি জনাইছে।বৰ্তমান মাৰ্ঘেৰিটা আৰক্ষী থানাত মাতৃ-পুত্ৰক অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰখা হৈছে। এই চক্ৰটোৰ সৈতে জড়িত আন সদস্যসকলকো কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে জাল পেলাইছে। স্থানীয় ৰাইজে চন্দন দাসৰ বিৰুদ্ধে কঠোৰতম শাস্তিৰ দাবী জনাইছে যাতে ভবিষ্যতে পুনৰ কাৰাগাৰৰ পৰা ওলাই আহি এনে সমাজবিৰোধী কামত লিপ্ত হ’ব নোৱাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *