সম্প্রতি ইৰান আৰু মার্কিন যুক্তৰাষ্ট্ৰৰ মাজত চলিছে হুমকি আৰু প্রতিহুমকি। আমেৰিকাক নতুনকৈ পুনৰ সাবধানবাণী শুনাই দিছে ইৰানে। পুনৰ যদি কোনো ধৰণৰ সামৰিক অভিযানৰ চেষ্টা চলায় মার্কিন বাহিনীয়ে, তেতিয়াহ’লে তেওঁলোকৰ সকলো যুদ্ধজাহাজ জুলাই দিয়া হ’ব। ইৰান ৰিভলিউচনাৰী গার্ড ক’ৰ, চমুকৈ আইআৰজিচিৰ এক শীর্ষ বিষয়াই জনাইছে যে এইবাৰ তেওঁলোকে ‘ৰেজিষ্টেঞ্চ ফ্রন্ট’ক আৰু অধিক কামত লগাব। উল্লেখ্য যে পশ্চিম এছিয়াত ইৰান সমর্থিত এই সশস্ত্র বাহিনীৰ প্ৰভুত্ব আছে। পৰিস্থিতি যদি অন্য দিশে ঢাল খায় তেনেহ’লে এইবাৰ এই বাহিনীক যুদ্ধৰ ময়দানত আৰু অধিক মোতায়েন কৰিব তেহৰানে। আইআৰজিচিৰ
বিষয়াগৰাকীৰ ভাষাত ‘রাশিংটনে যদি কোনোধৰণৰ আক্ৰমণৰ পথত আগবঢ়াৰ পৰিকল্পনা কৰে, তেনেহ’লে এইবাৰ ৰেজিষ্টেঞ্চ ফ’ৰ্টক কামত লগাবলৈ আমি দ্বিতীয়বাৰ আৰু নাভাবোঁ।’ ইয়াৰ লগতে মার্কিন নৌবাহিনীকো সাৱধানবাণী শুনাইছে এই বিষয়াগৰাকীয়ে। তেওঁ এই কথাও কয়, ‘আমেৰিকা হিচাপে এটা ভুল কৰিলেই তেওঁলোকৰ বাবে বিপদ হ’ব পাৰে। সমুদ্রত আমেৰিকাৰ যিমান জাহাজ আৰু যুদ্ধাজাহাজ আছে, সেইসমূহক বচাব নোৱাৰিব তেওঁলোকে।’ ইফালে দ্বিতীয় পর্যায়ৰ শান্তি বৈঠকক লৈও এইপর্যন্ত সংশয় আঁতৰা নাই।।
তাৰ মাজতে ইৰানে সোমবাৰে জনাই দিছে যে পাৰমাণৱিক কাৰ্যসূচী আৰু হৰমুজ এই দুয়োটা বিষয়কে বাদ দি আমেৰিকাই যদি আলোচনাত বহিবলৈ বিচাৰে, তেনেহ’লে তেওঁলোক ৰাজী। কিন্তু ইৰানৰ এই প্ৰস্তাৱত অসন্তুষ্টি প্রকাশ কৰে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে। ইৰানে আমেৰিকাক দিয়া এই সাৱধানবাণীৰ প্ৰতি এইপর্যন্ত কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই বাশিংটনে। কিন্তু মঙলবাৰে ট্রাম্পে ইৰানকো সাৱধানবাণী শুনাইছিল। তেওঁ কৈছিল, ‘ইৰান এতিয়া পতনৰ মুখত উপস্থিত হৈছেগৈ। তেওঁলোকে বিচাৰিছে আমি যেন যিমান
This image from video provided by U.S. Central Command shows a missile being launched from a U.S. Navy ship in support of Operation Epic Fury on Saturday, Feb. 28, 2026. (U.S. Central Command via AP)
সোনকালে পাৰি হৰমুজ প্রণালীৰ অৱৰোধ প্রত্যাহাৰ কৰোঁ। তেহৰানে এতিয়া নিজৰ নেতৃত্বৰ সমস্যা সমাধানত ব্যস্ত আছে।’ ইফালে, শেহতীয়াকৈ এটা বৈদ্যুতিন মাধ্যমত মার্কিন বিদেশ সচিব মার্কো কবিঅ’ক প্রশ্ন কৰা হৈছিল যে যদি এই শান্তি বৈঠক ব্যর্থ হয়, তেনেহ’লে আমেৰিকাই কি পদক্ষেপ গ্রহণ কৰিব। পোনপটীয়াকৈ নক’লেও আমেৰিকাই যে বৃহৎ পদক্ষেপ গ্রহণ কৰিব পাৰে তাৰ ইংগিত দিয়ে কবিঅ’ই। কেৱল সেয়াই নহয়, তেওঁ এইটোও জনায় যে এইধৰণৰ পৰিস্থিতি হ’লে সিদ্ধান্ত ল’ব মার্কিন ৰাষ্ট্ৰপতিয়ে।