...

মাৰৱাৰী যুৱ মঞ্চ ডিব্ৰুগড় গ্ৰেটাৰ শাখাৰ বাৰ্ষিক সাধাৰণ সভা

Spread the love

মাৰৱাৰী যুৱ মঞ্চ ডিব্ৰুগড় গ্ৰেটাৰ শাখাৰ বাৰ্ষিক সাধাৰণ সভা

১৫তম কাৰ্যকৰী সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান

সন্তোষ কেজৰিৱাল শাখা সভাপতি,ঋষভ জৈন সম্পাদকৰ দায়িত্ব

চাইন অন ডেস্ক,৩০এপ্ৰিলঃ

মাৰৱাৰী যুৱ মঞ্চ ডিব্ৰুগড় গ্ৰেটাৰ শাখাৰ বাৰ্ষিক সাধাৰণ সভা আৰু ১৫ সংখ্যক কাৰ্যকৰী সমিতীৰ শপত গ্ৰহণ অনুষ্ঠানটি মহানগৰৰ থানা চাৰিআলিত অৱস্থিত হোটেল সুবনশিৰিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। কাৰ্যসূচীৰ আৰম্ভণিত ২০২৫–২৬ বৰ্ষৰ শাখা সভাপতি মণীষ ধানুকা, শাখা সম্পাদক অভয়জিত কানৈ, আৰু কোষাধ্যক্ষ সুমিত পোদ্দাৰক মঞ্চত নিমন্ত্রণ কৰা হয়। যুৱ মণীষ ধানুকাই সভাত উপস্থিত সদস্যসকলক স্বাগতম জনাই সভাৰ কাৰ্যসূচী আগবঢ়ায়।
সদনে সৰ্বসম্মতিভাৱে বিগত সাধাৰণ সভাৰ কাৰ্যবিবৰণী গৃহীত কৰে। সম্পাদকে প্ৰতিবেদন দাঙি ধৰে। কোষাধ্যক্ষ যুৱ সুমিত পোদ্দাৰে নিজৰ কাৰ্যকালৰ আয়-ব্যয়ৰ হিচাপ দাঙি ধৰে। সদনে দুয়োটা প্ৰস্তুতী সৰ্বসম্মতিভাৱে গৃহীত কৰে।
পৰৱৰ্তী কাৰ্যসূচীত ২০২৬–২৭ বৰ্ষৰ বাবে ১৫ সংখ্যক কাৰ্যকৰী সমিতীৰ সদস্য সকলক শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। মুখ্য অতিথি হিচাপে পূৰ্বোত্তৰ প্ৰাদেশিক মাৰৱাড়ী যুৱ মঞ্চৰ প্ৰাদেশিক সভাপতি ৰাজ চৌধুৰী আৰু সন্মানীয় অতিথি হিচাপে মণ্ডল “বি”ৰ উপাধ্যক্ষ যুৱ মনীষ দেওৰা
অংশগ্ৰহণ কৰে।

অনুষ্ঠানৰ আৰম্ভণিত শাখা সভাপতি যুৱ মণীষ ধানুকা, সম্পাদক যুৱ অভয়জিত কানৈ, কোষাধ্যক্ষ যুৱ সুমিত পোদ্দাৰ, মুখ্য অতিথি যুৱ ৰাজ চৌধুৰী আৰু সন্মানীয় অতিথি যুৱ মনীষ দেওৰা’ক মঞ্চত আসন গ্ৰহণ কৰোৱা হয়। মুখ্য অতিথি আৰু সন্মানীয় অতিথি সকলক ফুলাম গামোচাৰে সন্মান জনোৱা হয় | লগতে বিভিন্ন সামাজিক সংস্থাৰ প্ৰতিনিধি, প্ৰাদেশিক বিষয়াবৰ্গ, কাৰ্যকৰী সদস্য আৰু স্থানীয় সংবাদদাতা সকলক অভিনন্দন জনোৱা হয়।
অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশৰ সমূহীয়া পৰিৱেশনে অনুষ্ঠানৰ শুভাৰম্ভ হয়। যুৱ মণীষ ধানুকাই স্বাগতম ভাষণ আগবঢ়ায়। সম্পাদকে নিজৰ প্ৰতিবেদন দাঙি ধৰে।
অনুষ্ঠানত সমাজলৈ উৎকৃষ্ট সেৱা আগবঢ়োৱা দুজন ব্যক্তি—চেন মেক নায়াৰ (ট্ৰাফিক) আৰু পূৰ্ণানন্দ ভৰালী (অধ্যক্ষ, চিকুন এনজিঅ’)ক মুখ্য অতিথি আৰু অন্যান্য অতিথিসকলৰ দ্বাৰা চেলেং চাদৰ, শৰাই আৰু মানপত্ৰ প্ৰদান কৰি সন্মানিত কৰা হয়।
যুৱ মণীষ ধানুকাই নিজৰ কাৰ্যকালত সহযোগিতা কৰা সকলো সদস্য আৰু বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁ যুৱ ময়ংক টোডী আৰু যুৱ দীপক বর্মাক বিশেষ অৱদানৰ বাবে সভাপতি বঁটা প্ৰদান কৰে।
প্ৰাদেশিক সভাপতি যুৱ ৰাজ চৌধুৰীয়ে নতুন শাখা সভাপতি যুৱ সন্তোষ কেজৰিৱালক শপত গ্ৰহণ কৰোৱাই শুভেচ্ছা জনায়। যুৱ মণীষ দেব্ৰাই সম্পাদক ঋষভ জৈন আৰু কোষাধ্যক্ষ দীপক বর্মাক শপথ পাঠ কৰোৱায়। শ্ৰী গোপাল গৌশালাৰ অধ্যক্ষ শশী আগৰৱালে উপাধ্যক্ষসকল—ৱৰুণ গাড়োদিয়া আৰু নন্দ কিশোৰ শৰ্মাক শপথ পাঠ কৰোৱায়। ডিব্ৰুগড় গ্ৰেটাৰৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰাজকুমাৰ বুখ্ৰেডিয়াই অন্যান্য সদস্যসকলক শপথ পাঠ কৰোৱায়।
প্ৰাদেশিক সভাপতি ৰাজ চৌধুৰীয়ে নিজৰ ভাষণ মাতৃ ভাষাত আগবঢ়াই ডিব্ৰুগড় গ্ৰেটাৰ শাখাৰ প্ৰশংসা কৰি কয় যে, গঠনৰ মাথোঁ ৭–৮ মাহৰ ভিতৰতে এনে বৃহৎ প্ৰাদেশিক অধিৱেশন আয়োজন কৰা এটা গৌৰৱৰ বিষয়। তেওঁ শাখাৰ গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহ—মেৰাথন, ডিপিএল, ৱাককলা আদিৰো প্ৰশংসা কৰে।
যুৱ মনীষ দেওৰা নিজৰ ভাষণ আগবঢ়ায়। নৱনিযুক্ত শাখা সভাপতি যুৱ সন্তোষ কেজৰিৱালে সকলোৰে সহযোগিতা কামনা কৰি নিজৰ কাৰ্যকালত চাৰিটা নতুন প্ৰকল্প আৰম্ভ কৰাৰ ঘোষণা কৰে।
শপত গ্ৰহণ অনুষ্ঠানটো সঞ্চালনা কৰে প্ৰাক্তন সভাপতি যুৱ চিএ অভিষেক শৰ্মাই আৰু ধন্যবাদ জ্ঞাপন কৰে নৱনিযুক্ত সম্পাদক ঋষভ জৈনে।
ৰাষ্ট্ৰীয় সংগীতৰ সৈতে অনুষ্ঠানৰ সমাপ্তি ঘটে।

Leave a Reply

Your email address will not be published. Required fields are marked *