ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেডিঅ’ জ্ঞান মালিনীত
যৌতুক প্ৰথা বিৰোধী জনসচেতনতা কাৰ্যসূচী
চাইন অন ডেস্ক,৩০এপ্ৰিলঃ

সমল ব্যক্তি হিচাপে বক্তব্য প্ৰদান কৰি জিলা ন্যায়িক সেৱা প্ৰাধিকৰণৰ সচিব অভিজিত শইকীয়াই যৌতুক নিষেধাজ্ঞা আইন, মহিলাৰ অধিকাৰ আৰু ভুক্তভোগীসকলৰ বাবে উপলব্ধ বিনামূলীয়া আইনী সহায়ৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে। তেওঁ ৰাইজক যৌতুক প্ৰথাৰ বিৰুদ্ধে সজাগ হ’বলৈ আৰু এনে ঘটনাবোৰ সংশ্লিষ্ট কৰ্তৃপক্ষক জনাবলৈ আহ্বান জনায়।
অংশগ্ৰহণকাৰীসকলে মনোযোগেৰে সকলো আলোচনা শুনাৰ লগতে প্ৰশ্নোত্তৰ কালত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীয়ে গাঁওবাসীৰ মাজত সচেতনতা সৃষ্টি কৰাৰ লগতে এখন ন্যায়সংগত আৰু সমতাপূৰ্ণ সমাজ গঢ়াৰ দিশত এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰে। অনুষ্ঠানটিত ৰেডিঅ’ জ্ঞানমালিনীৰ সঞ্চালক ড° জিতু ৰঞ্জন চেতিয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সামাজিক কাৰ্য বিভাগৰ অধ্যাপক ড° আনচাই বাথৌ বসুমতাৰী, বৃষ্টি বৰগোহাঁই আৰু কৃষ্টীৰেখা চমুৱা।নাটখনি ৰচনা আৰু পৰিচালনা কৰে অনুষ্ঠান পৰিবেশক মন্দীপ গগৈয়ে। নাটখনিত অভিনয় কৰে অভিলাষা ভট্টাচাৰ্য, কৌশিক বৰগোহাঁই, লাকি চাংমাই, সাবিনা চুলতানা, সুৰজিত মালি, অভিশ্ৰী পৰাশৰ, বাগ্মিতা দিহিংগীয়া, দীপশিখা গগৈ, লিনা নাৰ্জাৰী, স্পৃহা দেউৰী আদিয়ে।