Skip to content জুবিনক শ্ৰদ্ধাৰ্ঘ নিবেদন কৰি ডিব্ৰুগড়ত কাতি বিহু
জীয়ৰি- বোৱাৰীয়ে চাকি জ্বলাই লক্ষ্মী দেৱীক আৰাধনা
চাইন অন ডেস্ক:
জুবিনক শ্ৰদ্ধাৰ্ঘ নিবেদন কৰি ডিব্ৰুগড়ত কাতি বিহু পালন কৰা হয়।ৰাজ্য জুৰি অসমীয়া তথা কৃষি জীৱি চহা ৰাইজে পথাৰৰ লগতে তুলসীৰ তলে তলে চাকি-বন্তি গছি জ্বলি উঠিছে।ডিব্ৰুগড়তো তুলসীৰ তলত সেৱা কৰি ভগৱানৰ ওচৰত খেতি- শস্যৰ শ্ৰীবৃদ্ধি তথা মংগল কামনাৰ বাবে সেৱা কৰাৰ লগতে কৰাৰ লগতে প্ৰিয় শিল্পী জুবিন দাৰ ন্যায় বিচাৰিছে।এইবাৰ, জুবিন বিহীন প্ৰথমটো কাতি বিহু।যদিও ৰাজ্যবাসী শোকত ম্ৰিয়মাণ তাৰ মাজতো কাতি বিহুৰ পৰম্পৰা অক্ষুন্ন ৰাখিছে প্ৰতিগৰাকী অসমীয়াই। ঘৰে ঘৰে তুলসীৰ পুলি ৰুই, তুলসীৰ তলত চাকি বম্তি জ্বলাই,নাম গাই প্ৰাৰ্থনা কৰি শস্য শ্ৰী বৃদ্ধিৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰিছে কৃষিজীৱি অসমীয়াই। নিয়ম অনুসৰি ঔটেঙা বাকলি আৰু অমিতা ফালি চাকি জ্বলোৱাৰ পৰম্পৰা অক্ষুন্ন ৰাখি কাতি বিহুৰ পৰম্পৰাক ৰক্ষা কৰিছে।লগতে এইবাৰৰ কাতি বিহুত তুলসীৰ তলত চাকি জ্বলাই জুবিনৰ ন্যায়ৰ বাবেও প্ৰাৰ্থনা কৰিছে প্ৰতিগৰাকী অসমীয়াই।ডিব্ৰুগড়ৰ ভিন্ন প্ৰান্তৰ কৃষি পথাৰ সমুহত কাতি বিহু উপলক্ষে আজি জীয়ৰি- বোৱাৰী সকলে চাকি জ্বলাই লক্ষ্মী দেৱীক আৰাধনা কৰি হাঁড়ভঙা পৰিশ্ৰমৰ পাছত পথাৰত যাতে পোক-পতংগই অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে প্ৰাৰ্থনা কৰে।উল্লেখ্য যে অসমৰ তিনিটা জাতীয় উৎসৱৰ অন্যতম প্ৰাণৰ উৎসৱ কাতি বিহু। আহিনৰ শেষ দিনটোত অসমৰ ৰাইজে অতীতৰে পৰা পালন কৰি আহিছে এই কাতি বিহু।গ্ৰাম্যাঞ্চলৰ লগতে নগৰৰ যান্ত্ৰীকতাৰ মাজতো অক্ষুণ্ণ আছে কাতি বিহুৰ পৰম্পৰা।চুবুৰিয়ে চুবুৰিয়ে একত্ৰিত হৈ তুলসী ৰুই বুঢ়া-মেঠা সকলো একত্ৰিত হৈ পালন কৰিছে কাতি বিহুৰ পৰম্পৰা।