অৰুণাচলৰ লংডিং জিলাৰ কাইময় গাঁও শ্ৰেষ্ঠ পৰ্যটন গাঁৱৰ ২০২৫ বঁটাৰে সন্মানিত
বিশ্ব পৰ্যটন দিৱসৰ উপলক্ষ্যত
শ্ৰেষ্ঠ পৰ্যটন গাঁৱৰ ২০২৫ বঁটাৰে সন্মানিত
চাইন অন ডেস্কঃ
প্ৰকৃতিৰ অফুৰন্ত সৌন্দয্যৰ মাজত সেউজীয়া পাহাৰৰ আবেষ্টনিত থকা , পুৱ অৰুণাচলৰ লংডিং জিলাৰ কাইময় গাঁওখনৰ বিষয়ে বহিঃ বিশ্বৰ অতি কম লোকহে অৱগত।ক’বলৈ গ’লে এই গাঁওখন এখন সাধাৰণ গাঁও, যিখন শেহতীয়াভাৱে যোৱা ২৭ ছেপ্টেম্বৰৰ বিশ্ব পৰ্যটন দিৱসৰ উপলক্ষ্যত ৰাজ্যিক পৰ্যটন দপ্তৰে শ্ৰেষ্ঠ পৰ্যটন গাঁৱৰ বঁটাৰে সন্মানিত কৰিছে। গাঁওখনত থকা পৰ্যটন বিকাশৰ অপাৰ সম্ভাৱনাৰ দিশটো উন্মোচন হয়
গাঁওখনলৈ যোৱা এক যাত্ৰাৰ যোগেদি। লংচান জিলা পৰিষদৰ সদস্য তথা তৰুণ আৰু কৰ্মস্পৃহাৰ যুৱক ৰাজীৱ ৱাংচাৰ নেতৃত্বত এই সন্মানীয় বঁটা পোৱাৰ পিছত গাঁৱৰ লোকসকলৰ উৎসাহ বহুগুণে বাঢ়ি গৈছে আৰু এতিয়া তেওঁলোকে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰলৈ তেওঁলোকৰ গাঁওখনক উন্নীত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে। শ্ৰেষ্ঠ পৰ্যটন গাঁও-২০২৫ৰ বঁটা লাভ কৰাৰ পিছত গাঁৱলৈ অহা পৰ্যটকসকলক কেনেকৈ আদৰণি জনোৱা হ’ব তাৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰিবলৈ কাইময় গাঁৱৰ গাঁও পঞ্চায়তৰ সদস্য গাংপান পানছাৰ সভাপতিত্বত এখন গাঁও সভা অনুষ্ঠিত হৈ যায়।
সভাত গাঁও পৰ্যায়ৰ পৰ্যটন বিকাশ সমিতি, মহিলা সাংস্কৃতিক গোট, আদৰণি তোৰণ, কানুবাৰী চেকপইণ্ট, ডিব্ৰুগড় বিমানবন্দৰ, লংডিং নগৰ আদিত চিনেব’ৰ্ড স্থাপন,
হ’মষ্টে নিৰ্মাণ, চৰাই চাবলৈ উপযুক্ত ট্ৰেকিং ৰুট, বাঁহৰ কাপ-মগ আদিৰ দৰে পৰিৱেশ অনুকুল সামগ্ৰীৰ ব্যৱহাৰ আদি বহুতো বিষয়ৰ ওপৰত আলোচনা কৰা হয়। সভাত উপস্থিত লংডিঙৰ জিলা পৰ্যটন বিষয়া তানিউপ ক’পাকে ৱানচো জনগোষ্ঠীৰ জীৱন্ত সাংস্কৃতিক সংৰক্ষণ আৰু ঐতিহ্য আৰু ইয়াৰ স্থায়িত্বৰ ওপৰত বক্তব্য আগবঢ়ায়।গাঁও সভাত লংচান আঞ্চলিক ব্লকৰ জিলা পৰিষদৰ সদস্য ৰাজীৱ ৱাংছা, জনস্বাস্থ্য অভিযান্ত্ৰিক দপ্তৰৰ জিলা পৰামৰ্শদাতা চোনাই ৱাংপান, জনস্বাস্থ্য অভিযান্ত্ৰিক দপ্তৰৰ ৱাকা শাখাৰ কনিষ্ঠ অভিযন্তা ৱাংৰে ল’ৱাং, গাঁওবুঢ়া, গাঁও পঞ্চায়তৰ সদস্য, গাঁও পানী আৰু অনাময় সমিতি, কাইময় পৰ্যটন সমিতি, গাঁও বিকাশ সমিতি, কাইময় মহিলা সমিতি, কাইময় ছাত্ৰ সংঘ, গাঁও যুৱ সমিতি আদিয়ে অংশগ্ৰহণ কৰিছিল৷ গাঁও সভাত কাইময় গাঁৱৰ কৰ্তৃপক্ষই এক সিদ্ধান্ত গৃহীত কৰি অৰুণাচল প্ৰদেশ খোৱাপানীৰ উৎস সংৰক্ষণ আইন, ২০২৩-২০২৩ৰ ৫ নং আইন অনুসৰি খোৱাপানী উৎস সংৰক্ষণৰ বাবে ঘোষণা কৰে।
গাঁৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষাৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক মনোভাৱ জাগ্ৰত ৰাখিবলৈ গাঁৱৰ ৫টা পৃথক মহিলা গোট গঠন কৰা হৈছিল। এই অনুষ্ঠানত শীৰ্ষ তিনিটা সক্ৰিয় মহিলা গোটক পুৰস্কাৰেৰে সন্মানিত কৰা হয়। বঁটা পোৱা শীৰ্ষ গোটকেইটা ক্ৰমে চিংবানজা কলনি, চিংকাউ কলনি আৰু চিংকে কলনি।