...

যোগাসনত ৪ টা সোণৰ পদকেৰে দেশলৈ কঢ়িয়ালে গৌৰৱ

যোগাসনত ৪ টা সোণৰ পদকেৰে দেশলৈ কঢ়িয়ালে গৌৰৱ

বিশ্ব দৰবাৰত জিলিকিল জগদীশ ভৰালী

চাইন অন ডেস্ক,২৯জুন:

মালয়েছিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগাসন প্রতিযোগিতাত ডিব্ৰুগড়ৰ সন্তান জগদীশ ভৰালীৰ সাফল্যক লৈ সমগ্র ৰাজ্যতে আনন্দৰ লহৰ বৈছে। মালয়েছিয়াত অনুষ্ঠিত ৫ম ‘যোগাসন স্পর্ছ কাপ ২০২৬’ত প্রতিভাৱান যোগ খেলুৱৈ ভৰালীয়ে শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ৪ টাকৈ সোণৰ পদক বুটলিবলৈ সক্ষম হয়। ইয়াৰ উপৰি প্রতিযোগিতাখনৰ ‘চেম্পিয়ন অৱ চেম্পিয়ন’ শাখাৰ প্ৰতিযোগিতাতো তেওঁ দ্বিতীয় স্থান দখল কৰে। নিজৰ বয়সৰ আটাইকেইটা (চাৰিটা) শাখাতে সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হোৱা ভৰালীয়ে কয় যে খেলখনত তেওঁ যিদৰে ফলাফল আশা কৰিছিল, ঠিক তেনেধৰণে সাফল্য লাভ কৰিবলৈ সক্ষম হোৱাত তেওঁ অত্যন্ত উৎফুল্লিত হৈ পৰিছে। উল্লেখ্য যে, ভাৰতসহ মুঠ ৭ খন শক্তিশালী ৰাষ্ট্ৰই অংশগ্রহণ কৰা এই আন্তঃৰাষ্ট্ৰীয় ক্রীড়া মহোৎসৱত চীন, মালয়েছিয়া, হংকং, ওমান, চিংগাপুৰ আৰু ভিয়েটনামৰ দৰে দেশে অংশ লৈছিল। ইয়াৰ ভিতৰত উন্নত প্ৰদৰ্শনৰে ভাৰতে প্রথম, চিংগাপুৰে দ্বিতীয় আৰু হংকঙে তৃতীয় স্থান লাভ কৰে। এতিয়ালৈকে তেওঁ ৪ খনকৈ বিদেশৰ মাটিত অনুষ্ঠিত হোৱা এছিয়া আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাসন প্রতিযোগিতাত অংশ লৈ অসম তথা ভাৰতৰ হৈ বিজয় ধ্বজ্জা উৰুৱাই আহিছে। ইয়াৰ পূৰ্বেও তেওঁ জিলা পর্যায়ত ৭ বাৰ, ৰাজ্যিক পৰ্যায়ত ৮ বাৰ আৰু উত্তৰ-পূব ভাৰত পৰ্যায়ৰ প্ৰতিযোগিতাত এবাৰ সোণৰ পদক অৰ্জন কৰিছিল। কেৱল সেয়াই নহয়, ৰাজ্যিক পৰ্যায়ৰ ৪ খন মাষ্টাৰ্ছ গেছত ৪ টাকৈ সোণৰ পদক আৰু দুখন ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেছতো দুটাকৈ সোণৰ পদকজয় কৰিছিল। তেওঁ জানিবলৈ দিয়ে যে আজিৰ তাৰিখলৈকে তেওঁ ভাগ লোৱা এছিয়া আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মুঠ ১০ খন খেলৰ আটাইকেইখনতে জয়ী হৈ দেশলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *