প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সৰ্ম্বধনা
ঈশাৰাণী বৰুৱা, স্বাধীন ডেকাৰজা, নিবেদিতা গগৈ, কৃষ্ণা ডেকাৰজা ছেত্ৰীক সন্মানিত
চাইন অন ডেস্ক,২৯জুন:
প্ৰশিক্ষণ, আৰু উচিত ফুড চাপ্লিমেন্ট প্ৰদান কৰি ভৱিষ্যতৰ শক্তিশালী চেম্পিয়ন হিচাপে গঢ়ি তুলিবলৈ চৰকাৰ আৰু সমাজ একগোট হৈ আগবাঢ়িব লাগিব। এই অনুষ্ঠানতে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে
কেইবাগৰাকীও প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ আজীৱন সদস্য হিচাপে সন্মানিত কৰে। সন্মানিত হোৱা খেলুৱৈসকলৰ ভিতৰত আছিল ঈশাৰাণী বৰুৱা, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ স্বাধীন ডেকাৰজা, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় এথলীট নিবেদিতা গগৈ আৰু প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ কৃষ্ণা ডেকাৰজা ছেত্ৰী। ডিব্ৰুগড়ৰ দৰে এখন ঠাইত এনেধৰণৰ প্ৰচেষ্টাই উঠি অহা প্ৰজন্মক বাৰুকৈয়ে উৎসাহিত কৰিব বুলি মন্ত্ৰী সোণোৱালে মত প্ৰকাশ কৰে।
ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক কামাখ্যা শইকীয়াৰ আদৰণি ভাষণেৰে শুভাৰম্ভ হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়া, জিলা ক্ৰীড়া বিষয়া চামি শইকীয়া,
অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, জিলা পৰিষদৰ সভানেত্ৰী পুষ্পাঞ্জলি সোণোৱাল, ডিব্ৰুগড় পৌৰ নিগমৰ উপ মেয়ৰ উজ্জ্বল ফুকন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শাৰীৰিক শিক্ষা বিভাগৰ সঞ্চালক ডক্টৰ মন্টু বডো আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ বায়’কেমেষ্ট্ৰী বিভাগৰ সহকাৰী অধ্যাপক ডাঃ প্ৰতীম গুপ্তা উপস্থিত থাকে। অনুষ্ঠানৰ শেষত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি মানসজ্যোতি দত্তই উপস্থিত সকলোকে শলাগৰ শৰাই আগবঢ়ায়। ক্ৰীড়াপ্ৰেমী ৰাইজৰ বিপুল উপস্থিতিয়ে অনুষ্ঠানটি অধিক সাফল্যমণ্ডিত কৰি তোলে। উল্লেখযোগ্য যে, অসমৰ এখন আগশাৰীৰ জিলা হিচাপে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা ক্ৰীড়াবিদক ১৩ লাখ টকা আৰ্থিক সাহাৰ্য্য প্ৰদানৰ এই পদক্ষেপৰ বাবে ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।
Like this:
Like Loading...