অৰুণাচল প্ৰদেশৰ ভাৰতীয় ভূখণ্ডত চীনৰ সামৰিক শিবিৰ স্থাপন !
ভাৰতৰ বুলি দাবী কৰা ভূমিত চীনৰ সামৰিক শিবিৰ স্থাপন, পথ নিৰ্মাণ আৰু দলং নিৰ্মাণ
অয়িং (২৪৪৫), চুজাৰ্টা অঞ্চলৰ পানিয়াৰ, মাৰ্পান (মাৰ্নাফে), পট্ৰাং হ্ৰদ আৰু টিণ্ডিংটাং – বৰ্তমানে চীনৰ পি এল এৰ দখলত
বিভাস দুৱৰা,২৮জুন:
পুনৰ ভাৰতক চীনৰ ৰঙা চকু ! ভাৰতৰ বুলি দাবী কৰা ভূমিত চীনৰ সামৰিক শিবিৰ স্থাপন, পথ নিৰ্মাণ আৰু দলং নিৰ্মাণে পুনৰ ৰঙা চীনৰ আগ্ৰহান নিশ্চিত হৈ পৰিছে।ড্ৰেগনৰ দেশ চীনে এইবাৰ কৌশলৰে আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি ভাৰতৰ ভূমি দখল কৰাৰ গুৰুতৰ অভিযোগ উথাপন হৈছে।জানিব পৰা অনুসৰি অৰুণাচল প্ৰদেশৰ আপাৰ সোৱনশিৰি জিলাৰ টকছিং অঞ্চলত ভাৰতীয় ভূখণ্ডৰ ভিতৰত চীনা পিপলছ লিবাৰেশ্যন আৰ্মীৰ(পি এল এ) দ্বাৰা অতি ক্ষীপ্ৰতাৰে আৰু প্ৰণালীবদ্ধভাবে বেদখল কৰা বুলি অৰুণাচলৰ এটা 

কেৰু চাডাৰে পত্ৰখনত লিখা অনুসৰি,— “আমি তেওঁলোকৰ বাবে দিনক দিনে আমাৰ মাটি ইঞ্চি ইঞ্চিকৈ হেৰুৱাইছো। টাক্সিং অঞ্চলত চীনৰ পিএলএৰ বৰ্তমানৰ কাৰ্যকলাপৰ উদ্দেশ্য আৰু গতিবিধি অতি আতংকজনক আৰু আমাৰ বাবে অতি গুৰুতৰ চিন্তাৰ বিষয়।”
সংস্থাটোৱে দাবী কৰে যে স্থানীয় জনগোষ্ঠীসমূহে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি মুক্তভাৱে ব্যৱহাৰ কৰা পূৰ্বপুৰুষৰ চিকাৰস্থলী আৰু গৰু চৰণীয়া পথাৰসমূহ এতিয়া পিএলএই দখল কৰিছে।কেৱল যোৱা পাঁচ বছৰৰ ভিতৰতে এই অঞ্চলসমূহৰ মাজেৰে সু-সংযুক্ত পথ আৰু 
ভাৰতীয় সেনাবাহিনীৰ প্ৰতি অদম্য আস্থা প্ৰকাশ কৰাৰ সমান্তৰালকৈ,বর্তমানে এই বিষয়ত সেনাৰ প্রচেষ্টা বিশেষ সন্তোষজনক নহয় বুলি জোৰ দি কব বিছাৰে৷চাডাৰে পত্ৰখনত আৰু কয় যে ভাৰতীয় সেনাই বহু বছৰ ধৰি আমাৰ মাটিত পহৰা দি আহিছে, কিন্তু তেওঁলোকৰ প্ৰচেষ্টা যথেষ্ট নহয়।
সংস্থাটোৱে পত্ৰখনৰ লগতে কিছু সংখ্যক ফটো সংযুক্ত কৰি প্ৰমাণ হিচাপে আবদ্ধ কৰি অঞ্চলটোৰ ভূখণ্ডৰ অখণ্ডতা ৰক্ষাৰ বাবে জৰুৰী প্ৰশাসনিক আৰু চৰকাৰী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।কাজেই, বিষয়টো অতি স্পৰ্শকাতৰ বুলি বিবেচিত হৈছে।সেয়ে,ভাৰত চৰকাৰে এই দিশত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হব লক্ষ্যনীয়।
