...

জনতাৰ বিশ্বাস, জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু নাৰী তথা যুৱশক্তিৰ উদ্যমক লগত লৈ এখন বিকশিত অসম আৰু বিকশিত ভাৰত গঢ়াৰ লক্ষ্যত অধিক দায়বদ্ধতাৰে কাম কৰি যোৱাৰ সংকল্প ব্যক্ত কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

জনতাৰ বিশ্বাস, জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু নাৰী তথা যুৱশক্তিৰ উদ্যমক লগত লৈ এখন বিকশিত অসম আৰু বিকশিত ভাৰত গঢ়াৰ লক্ষ্যত অধিক দায়বদ্ধতাৰে কাম কৰি যোৱাৰ সংকল্প ব্যক্ত কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

 

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে বিজেপিৰ জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে টিংখাং আৰু খোৱাং বিধানসভা সমষ্টিৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সৈতে সৌজন্যমূলক সাক্ষাৎ আৰু মত-বিনিময় কৰে

 

ডিব্ৰুগড়, ২৮ জুন ২০২৬: 

কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে আজি বিজেপিৰ জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে টিংখাং আৰু খোৱাং বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত উপস্থিত থাকি
সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে সৌজন্যমূলক সাক্ষাৎ আৰু মত- বিনিময় কৰে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত তিনঠেঙীয়া গাঁও পঞ্চায়তৰ ৫৩ নং বুথত ৰাজ্যিক
সাংস্কৃতিক বঁটাপ্ৰাপক, মৃদংগীয়া গায়ন-বায়ন শিল্পী তথা অৱসৰপ্ৰাপ্ত শিক্ষক শ্রী লীলা হাজৰিকা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা শ্ৰী যাদৱ হাজৰিকাক সাক্ষাৎ কৰাৰ লগতে
কেঁকুৰী দলপা গাঁও পঞ্চায়তত বিশিষ্ট সমাজসেৱী তথা অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰী সন্দেশ্বৰ গগৈৰ সৈতে মত-বিনিময় কৰে। লগতে মৰাণ টাউনত বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা তথা সমাজসেৱক, ব্যৱসায়ী
শ্রী সত্যনাৰায়ণ আগৰৱালা, পিয়লি নগৰত বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক শ্ৰী গৌতম ঘোষ আৰু জ্যেষ্ঠ সাংবাদিক শ্ৰী শোভিত কুমাৰ চেত্ৰীৰ সৈতে সাক্ষাৎ কৰে৷ তদুপৰি তিলৈ অঞ্চলত অৱসৰপ্ৰাপ্ত
বেংক কৰ্মচাৰী শ্ৰী বাবুল সোণোৱালৰ সৈতে সৌজন্যমূলক আলোচনা অনুষ্ঠিত হয়।
ইয়াৰ পাছতে খোৱাং বিধানসভা সমষ্টিত বিশিষ্ট ব্যৱসায়ী শ্ৰী শৰৎ দত্ত, যুৱ উদ্যমী শ্রীমতী সুপ্রীতি গাৰ্গ, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা সমাজসেৱিকা শ্ৰীমতী হৃদয়া গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰী বিপিন শৰ্মা
আৰু বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা তথা ব্যৱসায়ী শ্ৰী উত্তম ৰয়ৰ সৈতে সাক্ষাৎ কৰি বিভিন্ন সামাজিক, সাংগঠনিক আৰু উন্নয়নমূলক বিষয়ত মত-বিনিময় কৰে ৷
এই উপলক্ষে শ্ৰী সোণোৱালে কয়, “বিজেপিৰ জনসম্পৰ্ক অভিযান কেৱল এটা সাংগঠনিক কাৰ্যসূচী নহয়, ই হৈছে সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ সৈতে আত্মীয়তা, বিশ্বাস আৰু সহযোগিতাৰ সম্পৰ্ক অধিক সুদৃঢ়
কৰাৰ এক আন্তৰিক প্ৰয়াস। টিংখাং আৰু খোৱাং বিধানসভা সমষ্টিত বিশিষ্ট শিক্ষক, সাংবাদিক, সমাজসেৱক, ব্যৱসায়ী, যুৱ উদ্যমী আৰু জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে মত-বিনিময় কৰি মই গভীৰভাৱে অনুপ্ৰাণিত
হৈছোঁ। তেওঁলোকৰ অভিজ্ঞতা, মূল্যবোধ আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাই আমাক অধিক শক্তিৰে জনসেৱাৰ পথত আগবাঢ়িবলৈ প্ৰেৰণা যোগাইছে।
22
তেওঁ লগতে কয়, “মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত বিগত ১২ বছৰত এনডিএ চৰকাৰে দেশজুৰি উন্নয়ন, সুশাসন আৰু জনকল্যাণৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছে। আত্মনিৰ্ভৰ
ভাৰত গঢ়াৰ সংকল্প, যুৱশক্তি আৰু নাৰীশক্তিৰ সবলীকৰণ, গাঁও-চহৰৰ পৰিকাঠামোগত উন্নয়ন, শিক্ষা, স্বাস্থ্য, সংযোগ ব্যৱস্থা আৰু সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত হোৱা এই ঐতিহাসিক পৰিৱৰ্তনে ভাৰতক এক
নতুন উচ্চতালৈ লৈ গৈছে৷ অসমৰ ক্ষেত্ৰতো ডাবল ইঞ্জিন চৰকাৰৰ উদ্যোগত উন্নয়নৰ গতি অধিক ত্বৰান্বিত হৈছে।”
শ্ৰী সোণোৱালে লগতে উল্লেখ কৰে যে বিজেপিয়ে সদায়ে জনসেৱা, ৰাষ্ট্ৰ নিৰ্মাণ আৰু অন্ত্যোদয়ৰ আদৰ্শক আগত ৰাখি কাম কৰি আহিছে। জনতাৰ বিশ্বাস, জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু নাৰী আৰু যুৱশক্তিৰ
উদ্যমক লগত লৈ এখন বিকশিত অসম আৰু বিকশিত ভাৰত গঢ়াৰ লক্ষ্যৰে আগন্তুক দিনতো
অধিক নিষ্ঠা আৰু দায়বদ্ধতাৰে কাম কৰি যোৱাৰ সংকল্প তেওঁ পুনৰ ব্যক্ত
কৰে৷ এই সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়া, খোৱাং বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি
দুলাল বৰা, ডিব্ৰুগড় পৌৰ নিগমৰ উপ-মেয়ৰ উজ্জ্বল ফুকন আৰু দলীয় কাৰ্যকৰ্তাসকল।

Leave a Reply

Your email address will not be published. Required fields are marked *