...

ঢকুৱাখনাত আত্ম সহায়ক গোটক উদ্যোগ বিভাগৰ কেঁচা চাহপাত কঢ়িওৱা বাহন প্ৰদান

ঢকুৱাখনাত আত্ম সহায়ক গোটক উদ্যোগ বিভাগৰ কেঁচা চাহপাত কঢ়িওৱা বাহন প্ৰদান

বিধায়ক নৱ দলেৰ অংশগ্ৰহন

ঢকুৱাখনা,৩আগষ্ট:

চেছ ব্যৱহাৰ (সংশোধনী) নীতি, ২০১৭-ৰ অধীনত আজি লখিমপুৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ জৰিয়তে আগবঢ়োৱা কেঁচা পাত কঢ়িওৱা এখন বাহন আজি ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেই হাৰ্হি ক্ষুদ্ৰ চাহ খেতিয়ক আত্মসহায়ক গোটক আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। ঢকুৱাখনা সম-জিলাৰ নতুন আৱৰ্ত ভৱনত আয়োজিত এই অনুষ্ঠানত ঢকুৱাখনা সম-জিলাৰ সমজিলা আয়ুক্ত অপূৰ্ব কুমাৰ নাথ আৰু লখিমপুৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ পৰিচালকৰ উপস্থিতিত আত্ম সহায়ক গোটটোৰ সভাপতি গোবিন চন্দ্ৰ বৰাৰ হাতত মহিন্দ্ৰা বিৰু 1’5 XXL বাহনখনৰ চাবি আৰু পঞ্জীয়ন নথি-পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান বিধায়ক দলেই অৰ্পণ কৰে। উল্লেখ্য যে অসম চৰকাৰে সৰু চাহ খেতিয়ক আত্ম-সহায়ক গোট (SHG)-সমূহক কেঁচা সেউজীয়া চাহপাত পৰিবহণৰ বাবে বাহন ক্ৰয়ত বাহনৰ প্ৰকৃত মূল্যৰ ৭৫% (সৰ্বাধিক ৭.৫০ লাখ) অনুদান প্ৰদান কৰিছে।এই আঁচনিখন অসম চৰকাৰৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ অধীনস্থ চাহ সঞ্চালকালয়ৰ জৰিয়তে ৰূপায়ণ কৰা হয়। এই আচঁনিৰ অধীনত লখিমপুৰ জিলা পৰ্যায়ত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ (DICC)ই ১০৯ গৰাকী ক্ষুদ্ৰ চাহ খেতিয়ক থকা ঢকুৱাখনা সমষ্টিৰ হাৰ্হি ক্ষুদ্ৰ চাহ খেতিয়ক আত্ম সহায়ক গোটৰ উপৰিও ৭১ গৰাকী চাহ খেতিয়কৰে গঠিত বিহপুৰীয়া সমষ্টিৰ মণিকাঞ্চন ক্ষুদ্ৰ চাহ খেতিয়ক আত্ম সহায়ক গোটকো কেঁচা চাহপাত কঢ়িওৱা বাহন প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *