...

ভাৰত-বাংলাদেশ সীমান্তত ন’মেনছ লেণ্ডত অঘটন!

ভাৰত-বাংলাদেশ সীমান্তত ন’মেনছ লেণ্ডত অঘটন!

মানকাচৰ,১৪জুন:

মানকাচৰৰ ভাৰত- বাংলাদেশ সীমান্তত আজি পুৱতি নিশাৰ পৰা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। সীমান্তৰ ন’মেনছ লেণ্ডত শিশুসহ কেইবাগৰাকী লোক আবদ্ধ হৈ পৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, ভাৰতৰ বিভিন্ন প্ৰান্তত সন্দেহযুক্ত বাংলাদেশী নাগৰিক হিচাপে আটক হোৱা এই লোক কেইজনক আজি পুৱতি নিশা সীমান্ত পথেৰে বাংলাদেশলৈ উভতাই পঠোৱাৰ চেষ্টা কৰিছিল নিৰাপত্তা বাহিনীয়ে। অৱশ্যে, বাংলাদেশৰ সীমান্তৰক্ষী বাহিনী বৰ্ডাৰ গাৰ্ড বাংলাদেশ (বিজিবি)-এ এই লোকসকলক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাত তেওঁলোকে পুনৰ ভাৰতীয় সীমান্তত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। ফলত লোককেইজন বৰ্তমান সীমান্তৰ ন’মেনছ লেণ্ডত আবদ্ধ হৈ পৰিবলগীয়া হয়।

এই মুহূৰ্তলৈকে আৱদ্ধ লোককেইজনৰ প্ৰকৃত পৰিচয় সম্পৰ্কে কোনো তথ্য পোহৰলৈ অহা নাই। তেওঁলোক প্ৰকৃততে ভাৰতীয় নে বাংলাদেশী নাগৰিক, সেই লৈও ৰহস্য ঘনীভূত হৈছে। সীমান্তত কঠোৰ নিৰাপত্তা ব্যৱস্থা আৰু প্ৰৱেশ নিষেধ থকাৰ বাবে ঘটনাটোৰ অধিক সবিশেষ জানিব পৰা হোৱা নাই।

সূত্ৰ অনুসৰি, সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) আৰু বিজিবিৰ মাজত অনুষ্ঠিত হ’বলগীয়া এক উচ্চস্তৰীয় বৈঠকৰ পিছতহে লোককেইজনৰ প্ৰকৃত পৰিচয় আৰু তেওঁলোকৰ ভৱিষ্যতৰ দিশটো স্পষ্ট হ’ব। বৰ্তমান সীমান্তত অৱস্থা যথেষ্ট উদ্বেগজনক হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *