...

ডিব্ৰুগড়ৰ পথৰ পৰা বানত উটি অহা বন ঘৰচীয়া ঘোঁৰা উদ্ধাৰ

ডিব্ৰুগড়ৰ পথৰ পৰা বানত উটি অহা বন ঘৰচীয়া ঘোঁৰা উদ্ধাৰ

ব্ৰহ্মপুত্ৰৰ চাপৰিলৈ তৎপৰতাৰে স্থানান্তৰ বন বিভাগৰ

বিভাস দুৱৰা,২৩জুলাই:

মহা প্লাৱনে কেৱল জনজীৱনকে ক্ষতি নকৰে।জীৱ-জন্তুকে আদি কৰি সভ্যতাৰো বিস্তৰ ক্ষতি সাধন কৰে।ক্ষতিসাধন কৰে নিৰ্বাক বন্য প্ৰাণী সমূহকো।বিগত কেইবাদিনো ধৰি ডিব্ৰুগড় চহৰৰ পথত ঘূৰি ফুৰা বন ঘৰচীয়া ঘোঁৰাৰ এটা জাক বন বিভাগে সুৰক্ষিতভাৱে উদ্ধাৰ কৰে আৰু পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰ নদীৰ চাপৰিলৈ স্থানান্তৰ কৰাা হয় বুলি ডিব্ৰুগড়ৰ বন বিষয়াসকলে আজি অৱগত কৰে।
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এৰি থৈ যোৱা পোহনীয়া ঘোঁৰাৰ বংশধৰ বুলি বিশ্বাস কৰা ঘোঁৰাবোৰ শেহতীয়া বানপানীৰ সময়ত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত নিজৰ প্ৰাকৃতিক বাসস্থানৰ পৰা উটি আহি ডিব্ৰুগড় চহৰত প্ৰৱেশ কৰিছিল। যোৱা কেইটামান দিনত চহৰৰ পথত ঘোঁৰাবোৰ সঘনাই দেখা পোৱাৰ ফলত কোনো দুৰ্ঘটনা ঘটাৰ আশংকাত স্থানীয় বাসিন্দা আৰু বন বিষয়াৰ মাজত যথেষ্ট উদ্বেগৰ সৃষ্টি হৈছিল।ৰাজ্যৰ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই চচিয়েল মাধ্যম এক্স (X)-ত এই অভিযানৰ বিষয়ে নিশ্চিত কৰি কয়, ……ডিব্ৰুগড় চহৰত বনৰীয়া ঘোঁৰা ঘূৰি ফুৰা খবৰৰ ওপৰত ভিত্তি কৰি আমাৰ বন বিভাগে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা যাতে উদ্ভৱ নহয়,তাৰেই পৰিপ্ৰেক্ষিতত ঘোঁৰাবোৰ সুৰক্ষিতভাৱে উদ্ধাৰ কৰে।তেওঁ লগতে কয় যে বিভাগে জীৱ-জন্তুখিনিৰ ভৱিষ্যতৰ কল্যাণ সুনিশ্চিত কৰিবলৈকে এনে পদক্ষেপ গ্ৰহণ কৰিছে। আৰু বন্যপ্ৰানীৰ দীৰ্ঘম্যাদী সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰিবলৈ, সকলো উদ্ধাৰ কৰা ঘোঁৰা এতিয়া ব্ৰহ্মপুত্ৰৰ চাপৰিলৈ স্থানান্তৰ কৰা হৈছে।য’ত তেওঁলোকৰ বাবে প্ৰচুৰ ঘাঁহনি, পৰ্যাপ্ত খাদ্য আৰু এটা সুৰক্ষিত প্ৰাকৃতিক বাসস্থান আছে বুলিও মন্ত্ৰী বৰুৱাই সদৰী কৰে।বন বিষয়াসকলে জনায় যে জনাঞ্চলৰ পৰিবেশৰ সতে ঘোঁৰাবোৰ অভ্যস্ত নোহোৱাৰ বাবে আৰু যান-জাঁত তথা বাসিন্দাসকলৰ প্ৰতি থাকিব পৰা বিপদৰ প্ৰতি লক্ষ্য ৰাখি এই উদ্ধাৰ অভিযান সাৱধানতাৰে চলোৱা হৈছিল। বিভাগে প্ৰকাশ কৰা মতে, সিহঁতক এটা প্ৰাকৃতিক নদীৰ পৰিৱেশলৈ স্থানান্তৰ কৰাটোৱেই আছিল আটাইতকৈ সুৰক্ষিত দীৰ্ঘম্যাদী বিকল্প।ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ এই বনৰীয়া ঘোঁৰাবোৰক এক বিৰল বন্যপ্ৰাণী ঐতিহ্য হিচাপে গণ্য কৰা হয়, যিবোৰ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ব্ৰিটিছ সৈন্যই এৰি যোৱা ঘোঁৰাৰ পৰাই বংশবৃদ্ধি হৈছে। তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাজুৰি বিস্তৃত ৰাষ্ট্ৰীয় অভৰাণ্যৰ প্লাৱনভূমি আৰু ঘাঁহনিত নিজকে জীয়াই ৰাখিবলৈ এৰি দিয়া এই ঘোঁৰাবোৰে বিগত প্ৰায় আঠটা দশক জীয়াই থকাৰ লগতে নিজৰ সংখ্যা বৃদ্ধি কৰিছে আৰু এতিয়া এই অভয়াৰণ্যখনৰ জলাশয়বোৰত সৰু সৰু জাকত বাস কৰে।ব্ৰহ্মপুত্ৰৰ বানপানীৰ বাবে ঘোঁৰাবোৰ নিজৰ বাসস্থানৰ পৰা ওলাই আহিবলৈ বাধ্য হোৱাটো এয়ে প্ৰথম নহয়। যোৱা বছৰৰ বানপানীৰ সময়তো বহু কেইটা ঘোঁৰা পানীৰ সোঁতত ভাহি গৈ বগীবিল দলং এলেকাৰ ওচৰত আশ্ৰয় লৈছিল আৰু পৰৱৰ্তী সময়ত পানী শুকোৱাৰ পিছত উদ্যানখনলৈ ঘূৰি গৈছিল। এই বছৰ ডিব্ৰুগড় চহৰলৈ ঘোঁৰাবোৰ পুনৰাই গুচি অহাটোৱে প্ৰমাণিত কৰিছে যে কেনেকৈ প্ৰতি বছৰে বানপানীয়ে, এই বন্য প্ৰাণীবোৰক সিহঁতৰ পৰম্পৰাগত বাসস্থানৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ বাধ্য কৰিছে।
মুকলি ঘাঁহনি আৰু মানুহৰ বসতিৰ পৰা আতঁৰত থকা চাপৰিত এতিয়াৰে পৰা উদ্ধাৰ কৰা ঘোঁৰাৰ জাকটোৱে চৰিবলৈ আৰু ঘূৰি ফুৰিবলৈ এক সুৰক্ষিত পৰিৱেশ পাব বুলি আশা কৰা হৈছে। বন বিভাগৰ বিষয়াসকলে কয় যে ঘোঁৰাবোৰে যাতে নতুন ঠাইখনৰ সৈতে ভালদৰে খাপ খাই পৰে আৰু পুনৰ জনাঞ্চলৰ ফালে ঘূৰি নাযায়, তাৰ বাবে নিৰন্তৰ নিৰীক্ষণ চলাই থকা হ’ব।বিগত সময়চোৱাত এই বনৰীয়া ঘোৰাবোৰক ডিব্ৰুগড় মহানগৰত বিশেষ একো হানি নকৰাতো এক ইতিবাচক দিশ বুলিও পৰিগণিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *