...

অসমৰ ক্ৰীড়া জগতৰ বাবে অতি সুখবৰ

অসমৰ ক্ৰীড়া জগতৰ বাবে অতি সুখবৰ

 

ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক কামাখ্যা শইকীয়াক
জিম্বাবৱে ভ্ৰমণৰ ভাৰতীয় ছিনিয়ৰ ক্ৰিকেট দলৰ মেনেজাৰ হিচাপে নিযুক্তি

চাইন অন ডেস্ক,২২জুলাই:

অসমৰ ক্ৰীড়া জগতৰ বাবে এইটো অতি সুখবৰ। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে (BCCI) জিম্বাবুৱে ভ্ৰমণৰ বাবে ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ মেনেজাৰ হিচাপে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক তথা অসম ক্ৰিকেট সংস্থাৰ প্ৰাক্তন যুটীয়া সম্পাদক কামাখ্যা শইকীয়াক নিযুক্তি প্ৰদান কৰিছে। জিম্বাবুৱেৰ হাৰাৰেত অনুষ্ঠিত হ’বলগীয়া টি-২০ ক্ৰিকেট শৃংখলাত কামাখ্যা শইকীয়াই জুলাই ২৮ তাৰিখলৈ ভাৰতীয় দলৰ মেনেজাৰ হিচাপে দায়িত্ব পালন কৰিব। উল্লেখযোগ্য যে কামাখ্যা শইকীয়া অসম দলৰ প্ৰাক্তন ক্ৰিকেটাৰ আৰু বৰ্তমান তেওঁ এজন প্ৰতিষ্ঠাসম্পন্ন ক্ৰীড়া সংগঠক। এই মৰ্যাদাপূৰ্ণ নিযুক্তি শইকীয়াৰ ক্ৰিকেট পৰিচালনা আৰু ক্ৰীড়া বিকাশত দীৰ্ঘদিনীয়া অৱদানৰ স্বীকৃতি স্বৰূপ। জাতীয় ক্ৰিকেট দলৰ মেনেজাৰ হিচাপে তেওঁৰ নিৰ্বাচনে তেওঁৰ প্ৰশাসনিক সক্ষমতা আৰু ক্ৰীড়া ক্ষেত্ৰত তেওঁৰ ব্যাপক অভিজ্ঞতাৰ প্ৰতি থকা আস্থাক প্ৰতিফলিত কৰে। এই নিযুক্তিয়ে কেৱল ডিব্ৰুগড় জিলা ক্ৰীড়া সংস্থাৰ বাবেই নহয়, ডিব্ৰুগড়বাসী তথা গোটেই অসমবাসীৰ বাবেও অপাৰ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে জিম্বাবুৱে ভ্ৰমণত ভাৰতীয় জাতীয় ক্ৰিকেট দলে এখন আন্তঃৰাষ্ট্ৰীয় শৃংখলাত প্ৰতিদ্বন্দ্বিতা কৰিব, য’ত কামাখ্যা শইকীয়াক গোটেই ভ্ৰমণজুৰি দলটোৰ প্ৰশাসনিক আৰু সাংগঠনিক কামৰ তদাৰকিৰ গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰা হৈছে। আজি তেওঁ ভাৰতীয় দলৰ সৈতে জিম্বাবুৱেলৈ যাত্ৰা কৰিছে।আনহাতেদি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে-ডিব্ৰুগড় জিলা ক্ৰীড়া সংস্থাৰ সভাপতি হিচাপে আৰু লগতে ডিব্ৰুগড়ৰ এজন নাগৰিক হিচাপে তথা সকলো বৰ্ড সদস্যই কামাখ্যা শইকীয়া, যি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদকো, তেওঁক আগন্তুক টি-২০ শৃংখলাৰ বাবে জিম্বাবুৱে ভ্ৰমণ কৰা ভাৰতীয় ক্ৰিকেট দলৰ মেনেজাৰ হিচাপে নিযুক্তি দিয়াত গৌৰৱান্বিত হৈছোঁ । এইটো কেৱল কামাখ্যা শইকীয়াৰ ব্যক্তিগত সাফল্যই নহয়, আমি ইয়াক ভাৰতীয় ক্ৰিকেটৰ সৰ্বোচ্চ কৰ্তৃপক্ষই ডিডিএছএক (DDSA) দিয়া এক সন্মান হিচাপে গণ্য কৰোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *