শিল্পীৰ বিতৰ্কিত মন্তব্য!
ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা নাৰাজ
ক্ষমা নুখুজিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰবেশ নিষিদ্ধ!
চাইন অন ডেস্ক,২৩জুলাইঃ
শেহতীয়াকৈ শিক্ষাৰ্থীসকলৰ প্ৰতিবাদক লৈ একাংশ শিল্পীয়ে কৰা বিতৰ্কিত মন্তব্যক কেন্দ্ৰ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সংবাদ মাধ্যমলৈ
বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে যে শিল্পীসকলৰ এনে মন্তব্যই বহু শিক্ষাৰ্থীৰ মনত আঘাত হানিছে। সেয়েহে সংশ্লিষ্ট শিল্পী ভৃগু কাশ্যপ আৰু নীল আকাশক শিক্ষাৰ্থীসকলৰ ন্যায্য দাবী আৰু গণতান্ত্ৰিক অধিকাৰৰ প্ৰতি 
সংগঠনটোৱে স্পষ্ট কৰি দিয়ে যে এই আহ্বান কোনো ব্যক্তিগত বিদ্বেষ বা আক্ৰমণৰ উদ্দেশ্যে নহয়; বৰঞ্চ ছাত্ৰ সমাজৰ আত্মসন্মান, গণতান্ত্ৰিক অধিকাৰ আৰু ন্যায্য প্ৰতিবাদৰ প্ৰতি সন্মান অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত এই স্থিতি গ্ৰহণ কৰা হৈছে বুলি প্ৰেছ বিজ্ঞপ্তি জৰিয়তে জনাইছে।