উজনিত মিঞাক ভাড়াঘৰ নিদিব, কাম নিদিব:মুখ্যমন্ত্ৰী শৰ্মা
চাইন অন ডেস্ক:
মিঞাৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। উজনি অসমত মিঞাক ভাড়াঘৰ নিদিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। বৃহস্পতিবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত উজনিত মিঞা লোক মাটি দখল কৰিলে উচ্ছেদ চলিব বুলি
উল্লেখ কৰি কয়, মিঞাক উজনিলৈ আহিব দিব নালাগে। উজনিত য’তেই মিঞা মানুহ বহিব, তাতেই আমি উচ্ছেদ কৰিম। যেনেকৈ উৰিয়ামঘাটত আমি কৰিলোঁ। মিঞাক ভাড়াঘৰ দিব নালাগে, আশ্ৰয় দিব নালাগে। মানুহে যদি ভাড়াঘৰ দিয়ে, তেতিয়া আমি উচ্ছেদ নোৱাৰিম। চৰকাৰে অকলে অসমক সুৰক্ষিত কৰিব নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কয়, সকলোৱে তাত অৱদান জড়িত থাকিব লাগিব। ভাড়া দিব নালাগিব, উদ্যোগীক এলেকাত কাম দিব নালাগিব, মানুহে নিজৰ মাটিত খেতি কৰিবলৈ অচিনাকি মানুহক মাটি দিব নালাগিব। ইয়াক এটা জাতীয় প্ৰতিৰোধ হিচাপে গঢ়ি উঠিব লাগিব।
Like this:
Like Loading...