...

জুবিন গাৰ্গৰ মৃত্যুৰ এছ আই টিৰ তদন্তৰ চাৰ্জশ্বিট

জুবিন গাৰ্গৰ মৃত্যুৰ এছ আই টিৰ তদন্তৰ চাৰ্জশ্বিট

আজিৰ পৰা আৰক্ষীৰ কাম নাইঃ মুখ্যমন্ত্ৰী

চাইন অন ডেস্ক:

আজি আদালতত দাখিল হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট। এছ আই টিয়ে আদালতত চাৰ্জশ্বিট দাখিলৰ পাছতে কাম নাথাকিব আৰক্ষীৰ। ১৯ ছেপ্তেম্বৰত ছিংগাপুৰত ৰহস্যজনকভাৱে মৃত্যুক আকোৱালি লোৱা হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে গঠন কৰা দিয়া এছ আই টিয়ে আজি আদালতত দাখিল কৰিব চাৰ্জশ্বিট। বহু উৎকন্ঠাৰ অৱসান ঘটাই এছ আই টিয়ে আদালতত চাৰ্জশ্বিট দাখিল কৰাৰ পাছতে আদালতে পৰীক্ষা কৰিব এছ আই টিৰ চাৰ্জশ্বিট।ডিব্ৰুগড়ত অনুষ্ঠিত কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয় যে, এছ আই টিয়ে চাৰ্জশ্বিট দিব, এছ আইটিয়ে চাৰ্জশ্বিট পৰীক্ষা কৰিব। আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমাৰ আস্থা ৰাখিব লাগে। কাইলৈৰ পৰা আৰক্ষীৰ কাম শেষ হ’ব। আদালতৰ কাম আৰম্ভ হ’ব। আৰু মই ভাবো যে নিশ্চিতভাৱে আদালতে ন্যায় প্ৰদান কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *