...

গালেত ১৬৫ ৰানত পৰাস্ত শ্রীলংকা

গালেত ১৬৫ ৰানত পৰাস্ত শ্রীলংকা

মেচৰ শ্ৰেষ্ঠ দেৱদূত পাড়িকাল
৬০০ সংখ্যক টেষ্টত ‘মানৱ মেজিক’ত জয় ভাৰতৰ

গালে,২০আগষ্ট:

ঐতিহাসিক ৬০০ সংখ্যক টেষ্টত জয়ৰ সোৱাদ লাভ কৰিলে টীম ইন্ডিয়াই। ঘৰুৱা দল শ্রীলংকাৰ বিপক্ষে গালেত খেলা শৃংখলাৰ প্ৰথমখন টেষ্টত ১৬৫ বানত জয়লাভ কৰিলে শুভমন গিল বাহিনীয়ে। টেষ্টখনত ভাৰতীয় দলটোৰ জয়ৰ মূলতেই হ’ল যুৱ স্পীনাৰ মানৱ সুথাৰ। টেষ্টখনত মুঠ ১০টা উইকেট দখল কৰি ভাৰতীয় দলটোৰ জয়ত মুখ্য ভূমিকা লয় মানৱ সুথাৰে। টীম ইণ্ডিয়াই টেষ্টখনত জয়ৰ বাবে বান্ধি দিয়া ৩৭২ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি সিংহলী বাহিনীয়ে পঞ্চম তথা অন্তিম দিনা ভোজন বিৰতিৰ পিছতে আটাইকেইটা উইকেট হেৰুৱাই ২০৬ ৰানহে কৰে। চতুর্থ দিনা ৪টা উইকেটত কৰা
৮৪ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ অহা শ্রীলংকাই মানৱ সুথাৰৰ দুর্দান্ত বলিঙৰ সম্মুখত দলীয় স্ক’ৰত ১২২ ৰান সংগ্ৰহ কৰি বাকী ৬টা উইকেট হেৰুৱায়। আগদিনাৰ অপৰাজিত বেটাবদ্বয় ধনঞ্জয় ডি ছিলভা আৰু সোনাল ডিনুছাই পঞ্চম উইকেটত ৯৫ বান কৰি দলৰ বিপৰ্যয় ৰোধ কৰিছিল যদিও অধিনায়ক ধনঞ্জয় ডি ছিলভা আউট হোৱাৰ পিছতে দলটোৰ বিপৰ্যয় আৰম্ভ হয়। আগদিনা ৩১ ৰানত নট আউট হৈ থকা অধিনায়কগৰাকীয়ে আজি ৫৯ ৰানত বিদায় লয়। আনহাতে, আগদিনা ২৫ বানত অপৰাজিত হৈ থকা ডিনুছাই ৮৪ ৰানৰ অৰিহণা আগবঢ়ায়। সিংহলী বাহিনীয়ে ৬৪ ৰানত বাকী ৫টা উইকেট হেৰুৱায়।ডিকবেলাই ১০ আৰু কেশৰা নুৱাস্থাই ২০ ৰানৰ অৱদান আগবঢ়ায়। ভাৰতীয় দলটোৰ হৈ মানৱ সুথাৰে ৬টা, প্রসিদ্ধ কৃষ্ণই দুটা, মহম্মদ চিৰাজ আৰু ৰবীন্দ্র জাদেজাই এটাকৈ উইকেট লাভ কৰে। সুথাৰে টেষ্টখনৰ প্ৰথম ইনিংছতো ৪টা উইকেট দখল কৰিছিল। ইপিনে, টেষ্টখনৰ প্রথম ইনিংছত ১৬৭ আৰু দ্বিতীয় ইনিংছত ৪৪ ৰানৰ অৰিহণা অগবঢ়োৱা টীম ইণ্ডিয়াৰ দেবদূত পাড়িকালে শ্রেষ্ঠ খেলুৱৈব বঁটা লাভ কৰে। শৃংখলাৰ দ্বিতীয় তথা অভিমখন টেষ্ট ২৩ আগষ্টৰ পৰা কলম্বোেত অনুষ্ঠিত হ’ব। উল্লেখ্য যে গালে টেষ্টত টীম ইন্ডিয়াই প্রথম ইনিংছত ৪৬২ আৰু দ্বিতীয় ইনিংছত ১৯৩ বান কৰাব প্রত্যুত্তৰত শ্রীলংকাই ২৮৪ ৰানত প্রথম ইনিংছ সামৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *