...

বানৰ পেকেজক লৈ গুৰুত্বপূৰ্ণ আলোচনা

বানৰ পেকেজক লৈ গুৰুত্বপূৰ্ণ আলোচনা

আজি দিল্লীত প্রধানমন্ত্রী মোদীৰে বৈঠক মুখ্যমন্ত্ৰী ড° শৰ্মাৰ

চাইন অন ডেস্ক,২০আগষ্ট :

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ’ব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। কাইলৈ দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত হ’বলগা এই বৈঠকত বানবিধ্বস্ত ৪ জিলাক লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰুদ্ধাৰ অভিযানৰ বিস্তৃত তথ্য প্ৰধানমন্ত্ৰীৰ সন্মুখত প্রকাশ কৰিব মুখ্যমন্ত্রী ড° শৰ্মাই। এই বৈঠকতে বানৰ পেকেজক লৈও আলোচনা হোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰীয়ে চাৰি জিলাত হোৱা ক্ষয়-ক্ষতিৰ বিষয়েও অৱগত কৰিব প্ৰধানমন্ত্ৰীক। মুখ্যমন্ত্রী ড° শৰ্মাই ইতিম ঘোষণা কৰিছিল বন্যার্ত সকলৰ উদ্ধাৰ আৰু পুনঃসংস্থাপনৰ ক্ষেত্ৰত প্রধানমন্ত্রী মোদীয়ে পূর্ণ সহযোগিতা কৰিব বুলি অৱগত কৰিছিল। সেই অনুসৰিয়েই কাইলৈ অনুষ্ঠিত হ’বলগা বৈঠক হ’ব গুৰুত্বপূৰ্ণ।

Leave a Reply

Your email address will not be published. Required fields are marked *