বিনীত বাগাৰিয়াৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী
গৌ-সেৱা আৰু এণ্টি-ৰেবিজ টীকাকৰণ অভিযান
চাইন অন ডেস্ক,৭জুলাই:

কাৰ্যসূচীৰ আৰম্ভণি দুপৰীয়া ২ বজাত স্থানীয় গৌশালাত গৰুৰ বাবে পুষ্টিকৰ খাদ্য আৰু চাৰা বিতৰণেৰে কৰা হয়। উপস্থিতসকলে কয় যে প্ৰয়াত বিনীত বাগাৰিয়াই জীৱনজুৰি নিৰ্বাক পশুৰ সেৱাক নিজৰ জীৱনৰ লক্ষ্য হিচাপে গ্ৰহণ কৰিছিল আৰু তেওঁৰ আদৰ্শই আজিও সংগঠনটোক অনুপ্ৰাণিত কৰি আহিছে।
ইয়াৰ পিছত সন্ধিয়া ৪:৩০ বজাত ডিব্ৰুগড় জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত ক’ল ৰোড, আকবৰপট্টি আৰু লোহাৰপট্টি অঞ্চলত এণ্টি-ৰেবিজ টীকাকৰণ অভিযান চলোৱা হয়। অভিযানত ১৫টাতকৈ অধিক পথৰ কুকুৰক সফলতাৰে ৰেবিজ প্ৰতিৰোধী টীকা প্ৰদান কৰা হয়। ইয়াৰ মূল উদ্দেশ্য আছিল পথৰ পশুক মাৰাত্মক ৰোগৰ পৰা সুৰক্ষা দিয়াৰ লগতে জনসাধাৰণৰ সুৰক্ষাও নিশ্চিত কৰা।

সংগঠনটোৰ সদস্যসকলে কয় যে প্ৰয়াত বিনীত বাগাৰিয়া কেৱল এজন পশুপ্ৰেমীয়েই নহয়, সমাজ সেৱাৰ প্ৰতিও এগৰাকী নিবেদিত প্ৰাণ ব্যক্তি আছিল। আঘাতপ্ৰাপ্ত, অসুস্থ আৰু আশ্ৰয়হীন পশুৰ উদ্ধাৰ আৰু সেৱাক তেওঁ এক গণ-আন্দোলনলৈ ৰূপান্তৰিত কৰিছিল। তেওঁৰ আদৰ্শ আৰু সেৱাৰ মনোভাৱে আজিও সংগঠনটোৰ প্ৰতিজন সদস্যক অনুপ্ৰাণিত কৰি আহিছে।
অনুষ্ঠানৰ শেষত সংগঠনটোৱে পশুপালন আৰু পশু চিকিৎসা বিভাগ, সকলো স্বেচ্ছাসেৱক, সহযোগী আৰু নাগৰিকলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে ভৱিষ্যততো পশু কল্যাণ, জনসচেতনতা আৰু মানৱীয় সেৱামূলক কাৰ্যসূচী অব্যাহত ৰাখি প্ৰয়াত বিনীত বাগাৰিয়াৰ সপোন পূৰণৰ সংকল্প গ্ৰহণ কৰে।