...

ডিব্ৰু-ছৈখোৱাৰ বনগাঁও দধীয়াত বানৰ বিভীষিকা

ডিব্ৰু-ছৈখোৱাৰ বনগাঁও দধীয়াত বানৰ বিভীষিকা

জীয়াই থকাৰ সংগ্ৰামত দধীয়াবাসী,প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ

বিভাস দুৱৰা,১জুলাই:

ডিব্ৰু-ছৈখোৱাৰ বনগাঁও দধীয়াত এতিয়া বানৰ বিভীষিকা।চৌদিশে কেৱল পানী আৰু পানী।অথচ,নাই এটুপিও বিশুদ্ধ খোৱাপানী।জীৱনৰ তাড়নাত এতিয়া ঘৰচীয়া জন্তুৰ সতে সহবাস মানুহৰ।নাই সাৰ্হায্য,নাই কোনো সহাৰি।সকলো যেন সপি দিছে অদৃশ্য জনৰ ওচৰত।হয়,এয়াই হৈছে দধীয়া চাপৰিৰ বৰ্তমানৰ এক জীৱন্ত ছবি।প্ৰায় ৩৪০ বৰ্গ কিলোমিটাৰ অঞ্চল বিস্তৃত হৈ থকা(ডিব্ৰুগড়-তিনিচুকীয়া জিলা)ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ এচুকত আছে দধীয়া।এই বৃহত্তৰ দধীয়া, ক্ৰমে মাহমৰা,চৰাইসুতি,কুলি গাওঁ আৰু টেঙাবাৰী নামেৰে চাৰিটাকৈ চৰ আছে।ডিব্ৰুগড়ৰ পৰা প্ৰায় ১৫ কি:মি: উত্তৰ-পূবত থকা এই দধীয়াৰ জনবসতি প্ৰায় ৪ হাজাৰ হোৱাৰ বিপৰীতে ইয়াত ভোটাৰৰ সংখ্যা কমেও ২ হাজাৰ মান হব।একমাত্ৰ নাওৱেই যাত্ৰাৰ শেষ ভৰষা।তাৰোপৰি ভৰ বাৰিষা সেয়াও যোগাযোগ বিচিন্ন হৈ পৰে।এতিয়া সেই
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বনগাঁও দধীয়াত বৰ্তমান বানপানীয়ে এক চৰম পৰ্যায়ৰ সংকটৰ সৃষ্টি কৰিছে। প্ৰকৃতিৰ ৰোষত পৰি অঞ্চলটোৰ সাধাৰণ জনজীৱন এতিয়া অচল হৈ পৰিছে। বিদ্যালয়ৰ পৰা আৰম্ভ কৰি মানুহৰ বাসগৃহলৈকে সকলো পানীত বুৰ যোৱাত দধীয়াবাসী এক অভাৱনীয় দুৰ্দশাৰ সন্মুখীন হৈছে। স্থানীয় ৰাইজে প্ৰকাশ কৰা মতে, বানৰ তীব্ৰ সোঁতত বহু দুখীয়া পৰিয়ালৰ ঘৰ-বাৰী ভাঙি চকুৰ সন্মুখতে, ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড সোঁতত উটি গৈছে, যাৰ ফলত তেওঁলোকে মুকলি আকাশৰ তলত আশ্ৰয় লৈ বিনিদ্ৰ ৰজনীত পাৰ কৰিব লগাত পৰিছে।এই ভয়াৱহ পৰিস্থিতিৰ মাজতে স্থানীয় ৰাইজে চৰকাৰ আৰু প্ৰশাসনৰ অৱহেলাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। তেওঁলোকৰ মতে, বানৰ সময়ত প্ৰশাসনে প্ৰদান কৰা সাময়িক খাদ্য সামগ্ৰী বা পশুখাদ্যই ৰাইজৰ সমস্যাৰ স্থায়ী সমাধান দিব নোৱাৰে। জনসাধাৰণক কেৱল সাহায্যৰ প্ৰয়োজন নহয়, তেওঁলোকৰ জীৱনৰ নিৰাপত্তা আৰু ভৱিষ্যতৰ সুৰক্ষাৰ প্ৰয়োজন। আজি স্থানীয় ৰাইজে অভিযোগ কৰে যে বাৰে বাৰে চৰকাৰক অনুৰোধ জনোৱাৰ পিছতো বান সমস্যাৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। বিশেষকৈ জিলা প্ৰশাসনৰ দায়িত্বক লৈ প্ৰশ্ন উত্থাপন কৰি স্থানীয় লোকে কয় যে বানপানী হৈ থকা পৰ্যন্ত জিলা প্ৰশাসনৰ দায়বদ্ধতা থাকিব লাগে। ভাঙি যোৱা গৃহসমূহ পুনৰ নিৰ্মাণ কৰিবলৈ টিনপাতৰ ব্যৱস্থা কৰাৰ লগতে নিৰাপদ আশ্ৰয়ৰ বাবে প্ৰশাসনে তৎপৰতা প্ৰদৰ্শন কৰিব লাগে। আনহাতে, এই সংকটৰ সময়ত জনপ্ৰতিনিধিৰ অনুপস্থিতিক লৈও ৰাইজে গভীৰ ক্ষোভ প্ৰকাশ কৰিছে। তেওঁলোকে স্থানীয় বিধায়ক বিনোদ হাজৰিকাক বানপীড়িত অঞ্চলত উপস্থিত হৈ ৰাইজৰ দুৰ্দশা চাক্ষুস কৰিবলৈ আহ্বান জনাইছে। লগতে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নাম উল্লেখ কৰি ৰাইজে মন্তব্য কৰে যে পূৰ্বৰ সাংসদসকলে এনে পৰিস্থিতিত ৰাইজৰ কাষত থিয় দিছিল, কিন্তু বৰ্তমানৰ পৰিস্থিতিত গৃহ অঞ্চলৰ লোক হৈও তেওঁৰ অনুপস্থিতি অতি দুখজনক বুলিও আক্ষেপ প্ৰকাশ কৰে।
বানপানীৰ সমস্যাটো অকল নিৰ্দিষ্ট কোনো সমষ্টি বা অঞ্চলৰ ভিতৰতে সীমাবদ্ধ নহয়, বৰঞ্চ সমগ্ৰ দধীয়াবাসীয়ে প্ৰতি বছৰে এই নিৰ্যাতন ভোগ কৰিবলগীয়া হয়। চৰকাৰৰ শক্তিশালী কেবিনেট মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু কেশৱ মহন্তক অতি শীঘ্ৰে দধীয়ালৈ আহি বাস্তৱ পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছে। বৰ্তমান দধীয়াবাসীয়ে কেৱল চৰকাৰী প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তে বানমুক্ত জীৱন আৰু নিৰাপত্তাৰ প্ৰত্যাশাৰে চৰকাৰৰ সঁহাৰিলৈ অপেক্ষাৰত।

Leave a Reply

Your email address will not be published. Required fields are marked *