জনবসতি তথা গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় থকা বৰলুইতৰ পাৰৰ অংশত
ডাম্পিং গ্ৰাউণ্ড ৰূপে ব্যৱহাৰ ধুবুৰী পৌৰসভাৰ – প্ৰতিক্ৰিয়া
ধুবুৰী,৩০জুন:
ধুবুৰী পৌৰসভাই চহৰখনৰ জনবসতি থকা তথা কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় থকা অঞ্চল এটাৰ সমীপৰ বৰলুইতৰ পাৰৰ এছোৱা কাৰ্যতঃ ডাম্পিং গ্ৰাউণ্ড ৰূপে ব্যৱহাৰ কৰিব লোৱা কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিগত কিছু দিনৰ পৰাই পৌৰসভাই বাহনে বাহনে জাবৰ-জেঁথৰ আনি চহৰখনৰ ১নং ৱাৰ্ডৰ বৰলুইতৰ পাৰ এছোৱা পেলাবলৈ লোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে সদৰি কৰিছে। দেখা গৈছে। কিন্তু, আশ্চর্য জনক বিষয়টো এয়াই যে জাৱৰ পেলাবলৈ লোৱা ঠিক সেই ঠাইডোখৰৰ সমীপতে আছে এটা মন্দিৰ, সামান্য আঁতৰত আছে জিলা আয়ুক্তৰ কাৰ্যালয় আৰু ঠিক সন্মুখৰ ৰাজপথৰ সিপাৰে আছে দুৰ্যোগ প্ৰশমন বিভাগৰ জিলা কাৰ্যালয়। ইপিনে চহৰখনৰ জাৱৰ-জোঁথৰ পেলাবলৈ লোৱা সেই ঠাই ডোখৰত সৃষ্টি হোৱা তীব্ৰ দূৰ্গন্ধত থাকিব নোৱাৰা অৱস্থা বুলি ঠাইডোখৰৰ কাষতে বহা পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ী একাংশই আক্ষেপ কৰাও পোৱা গৈছে।
Like this:
Like Loading...