...

ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত মুখ্যমন্ত্ৰী ফিফা ফ্যান পাৰ্ক উদ্বোধন

ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত মুখ্যমন্ত্ৰী ফিফা ফ্যান পাৰ্ক উদ্বোধন

মন্ত্ৰী বিমল বৰাকে ধৰি একাধিক বিধায়ক,জিলা আয়ুক্ত,আৰক্ষী অধীক্ষক

চাইন অন ডেস্ক,১জুলাই:

ফুটবল খেলক প্ৰসাৰিত কৰা আৰু ক্ৰীড়া অনুৰাগীসকলৰ বাবে এক উৎসাহজনক সমূহীয়া প্ৰদৰ্শনীৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে কালি ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত ‘মুখ্যমন্ত্ৰী ফিফা ফ্যান পাৰ্ক’ উদ্বোধন কৰা হয়। অসম পৰ্যটন উন্নয়ন নিগম আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত এই ফ্যান পাৰ্কটো স্থাপন কৰা হৈছে।

মুখ্যমন্ত্ৰী ফিফা ফ্যান পাৰ্কত ফুটবল প্ৰেমীসকলে এক উলহ-মালহপূৰ্ণ পৰিৱেশত এটা বৃহৎ এল.ই.ডি স্ক্ৰীনত ফিফা বিশ্বকাপ ২০২৬ৰ পোনপটীয়া খেলসমূহ উপভোগ কৰিব পাৰিব। এই পদক্ষেপৰ মূল লক্ষ্য হৈছে বিশ্বৰ সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতাখনক এক সমূহীয়া উৎসৱ হিচাপে উদযাপন কৰিবলৈ সকলো বয়সৰ ফুটবল অনুৰাগীক একত্ৰিত কৰা।

দৰ্শকসকলৰ বাবে এক আৰামদায়ক আৰু আনন্দদায়ক অভিজ্ঞতা নিশ্চিত কৰিবলৈ পৰ্যাপ্ত আসনৰ ব্যৱস্থা, ভিৰ নিয়ন্ত্ৰণ, নিৰাপত্তা, পোহৰৰ ব্যৱস্থা আৰু অন্যান্য প্ৰয়োজনীয় সা-সুবিধাসমূহৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। জিলাখনৰ ফুটবল প্ৰেমীসকলক মুখ্যমন্ত্ৰী ফিফা ফ্যান পাৰ্কলৈ আহি ফিফা বিশ্বকাপৰ উত্তেজনা উপভোগ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।

উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান, সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মাননীয় মন্ত্ৰী বিমল বড়া; ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন; খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ; অসম পৰ্যটন উন্নয়ন নিগম (ATDC)ৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা; ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডা: চৈকত পাত্ৰ; ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্রম কৈৰী,ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপ, অসম পেট্ৰকেমিকেলছৰ অধ্যক্ষ বিকুল ডেকা প্ৰমুখ্যে অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *