অসম বক্সিং সন্থাৰ উদ্যোগত আৰু ভাৰতীয় বক্সিং ফেডাৰেচনৰ তত্বাৱধানত অসমত প্ৰথম বাৰৰ বাবে আয়োজন কৰা প্ৰফেছনেল বক্সিং লীগ কাজিৰঙা ৰাইন কাপ শেহতীয়াকৈ গোলাঘাট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। অসমৰ লগতে অৰুণাচল প্ৰদেশ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, বিহাৰ, দিল্লী, হাৰিয়ানা, চণ্ডীগড়, গোৱা আৰু লাডাখে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ লগত সংগতি ৰাখি অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰেফাৰী পৰীক্ষাত অৱতীৰ্ণ হৈ নগাঁৱৰ নীলাক্ষী শইকীয়াই সফলতা অৰ্জন কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে নীলাক্ষী শইকীয়াই হ’ল জিলাখনৰ প্ৰথমগৰাকী ৰাষ্ট্ৰীয় মহিলা ৰেফাৰী।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.