ধুবুৰীৰ গৌৰৱ, দীৰ্ঘ ইতিহাসৰ সাক্ষী ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰ
ঐতিহ্যৰ প্ৰাঙ্গণ নে গৰু চৰোৱা পথাৰ?
ধুবুৰী,১০জুন:
ধুবুৰী চহৰৰ হৃদয়স্থলত অৱস্থিত ‘ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰ’ কেৱল এটা খেলপথাৰ নহয়, ই বৃহত্তম ধুবুৰী অঞ্চলৰ ইতিহাস, সংস্কৃতি আৰু জনজীৱনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এক ঐতিহ্যৰ প্ৰতীক। গৌৰীপুৰ ৰাজ পৰিয়ালৰ দূৰদৰ্শী শাসক তথা সমাজ হিতৈষী ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱাৰ নামত নামাঙ্কিত এই ক্ষেত্ৰখনে দশক দশক জুৰি অসংখ্য ক্ৰীড়া প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান, ৰাজহুৱা সভা আৰু জাতীয় উৎসৱৰ সাক্ষী হৈ আহিছে। গৌৰীপুৰক আধুনিক ৰূপ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ৰাজা প্ৰভাত চন্দ্ৰ ব

কিন্তু পৰিতাপৰ বিষয় এয়াই যে, আজিৰ দিনত এই ঐতিহ্যমণ্ডিত খেলপথাৰখন অৱস্থাই স্থানীয় বহু ইতিহাসপ্ৰেমী লোকৰ মাজত সৃষ্টি কৰিছে ক্ষোভৰ। যি খেলপথাখন এটা সময়ত ধুবুৰীৰ গৌৰৱৰ প্ৰতীক আছিল, সেয়া এতিয়া সন্ধিয়া হ’লেই একাংশৰ গৰু চৰোৱা স্থানলৈ পৰিণত হোৱাৰ অভিযোগ উঠিছে। উল্লেখ্য যে, সঠিক ব্যৱহাৰ তথা সংৰক্ষণৰ বাবে খেলপথাৰখনৰ চৌদিশে বাউণ্ডেৰী ৱাল নিৰ্মাণ কৰা হৈছিল আৰু শেহতীয়াকৈ নিৰ্মাণ কৰা হৈছে কেইবাটাও প্ৰৱেশদ্বাৰো। অংঞ্চলটেৰ স্থানীয় একাংশৰৱ অভিযোগ, সেই প্ৰৱেশদ্বাৰ কেইটাৰ এটা সৰু দ্বাৰ অজান কাৰণত দিনে-নিশাই আংশিক ভাবে খুলা ৰখা হয় আৰু সেই অংশৰেই গৃহপালিত জন্তুবোৰ অনায়াসে প্ৰৱেশ কৰে খেলপথাৰখনত।
ফলত, স্বাভাবিক ভাবেই ধুবুৰীৰ ইতিহাস আৰু ঐতিহ্য বহন কৰা এনে এখন ৰাজহুৱা সম্পত্তিৰ প্ৰতি অধিক যত্ন আৰু দায়িত্বশীল ব্যৱস্থাপনা প্ৰয়োজন বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে। সমান্তৰালকৈ যিগৰাকী ব্যক্তিৰ নামত এই ক্ষেত্ৰখনৰ নামকৰণ কৰা হৈছিল আৰু যিগৰাকীয়ে জনকল্যাণক জীৱনৰ মূল লক্ষ্য হিচাপে গ্ৰহণ কৰিছিল, তেওঁৰ স্মৃতি বহন কৰা এই বিশেষ খেলপথাৰখনৰ 
