বোকাখাত চেলেঞ্জাৰ্ছ লিবাৰটি কাপ মহিলা টি – টুৱেন্টি চেম্পিয়ন
চাইন অন ডেস্ক,৯জুন:
ডিব্ৰুগড় জালান আউটডৰ ষ্টেডিয়ামত অনুষ্ঠিত চতুৰ্থ সংখ্যক লিবাৰটি কাপ টি টুৱেন্টি মহিলা ক্ৰিকেট প্ৰতিযোগিতাত বোকাখাত চেলেঞ্জাৰ্ছ দল চেম্পিয়ন হৈছে। এম পাৱাৰ এন জি অ আৰু এইছ এম স্পৰ্টছ ক্লাবৰ যৌথ উদ্যোগত তথা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগত আয়োজন কৰা এই প্ৰতিযোগিতাৰ ফাইনেলত বোকাখাত চেলেঞ্জাৰ্ছ দলে বোকাখাত টাউন ক্লাব দলক ৫ উইকেটত পৰাস্ত কৰে। ৮ জুন তাৰিখে দিবা নৈশ খেলখন প্ৰতিকূল বতৰৰ বাবে ১৫ অভাৰলৈ হ্ৰাস কৰা হয়। বোকাখাত চেলেঞ্জাৰ্ছ দলে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। বোকাখাত টাউন ক্লাব দলে নিৰ্ধাৰিত ১৫ অভাৰত ২ উইকেট হেৰুৱাই ৮০ ৰাণ কৰে। দলৰ হৈ অপেনাৰ বেটাৰ দিয়া বৰ্মনে অপৰাজিত ৩৫ ৰাণ, অমন্তিকা মুণ্ডাই ২৩ ৰাণ কৰে। প্ৰত্যুত্তৰত বোকাখাত চেলেঞ্জাৰ্ছ দলে ৰশ্মি সিনহাৰ ৩০ ৰাণ, মুস্কান মল্লিকৰ অপৰাজিত ২২ ৰাণৰ সহায়ত ৫ টা উইকেট হেৰুৱাই বিজয়ৰ লক্ষ্য উপনীত হয়। বোকাখাত টাউন ক্লাবৰ হৈ পালাক মিশ্ৰ আৰু অপৰ্ণা নন্দীয়ে গাইপতি দুটাকৈ উইকেট লাভ কৰে। বঁটা বিতৰণী সভাত জিলা ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়া, সাধাৰণ সম্পাদক কামাখ্যা শইকীয়া, কাৰ্য্যকৰী সভাপতি মানস জ্যোতি দত্ত, কোষাধ্যক্ষ প্ৰণৱ সোনোৱাল, উপ সভাপতি ডাক্তৰ ভাস্কৰ গগৈ আৰু এম পাৱাৰ এন জি অ’ৰ সাধাৰণ সম্পাদক ইমদাদ আহমেদ, ক্ৰিকেট সম্পাদক আব্দুল ৰহমান, ডাক্তৰ আৰতি শইকীয়াই চেম্পিয়ন আৰু ৰানাৰ্ছ আপ দলক বঁটা আৰু প্ৰাইজমানি প্ৰদান কৰে। প্ৰতিযোগিতাখনত পালাক মিশ্ৰই শ্ৰেষ্ঠ বলাৰ, দিয়া বৰ্মনে শ্ৰেষ্ঠ বেটাৰ, ৰশ্মি সিনহাই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। বঁটা বিতৰণী সভাতেই অসম দলক প্ৰতিনিধিত্ব কৰা মহিলা ক্ৰিকেটাৰ ক্ৰমে – অনামিকা বড়ী, মুস্কান মল্লিক, অৰ্পণা কৰ্মকাৰ, আবন্তিকা মুণ্ডা আৰু পালাক মিশ্ৰক এম পাৱাৰ এন জি অ’ৰ তৰফৰ পৰা বিষেশ সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে এই প্ৰতিযোগিতাখনত ভাৰতীয় মহিলা ক্ৰিকেটাৰ উমা ছেত্ৰীয়ে এখন খেলত বোকাখাত দলক প্ৰতিনিধিত্ব কৰি খেলিছিল।