...

ডিব্ৰুগড় জিলাৰ ১৫ খন গাঁও পঞ্চায়তক যক্ষ্মা মুক্ত ঘোষণা

ডিব্ৰুগড় জিলাৰ ১৫ খন গাঁও পঞ্চায়তক যক্ষ্মা মুক্ত ঘোষণা

ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিশেষ বঁটা বিতৰণী অনুষ্ঠান

চাইন অন ডেস্ক,৯জুন:

ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল আচঁনিৰ অধীনৰ(NTEP) যক্ষ্মা মুক্ত পঞ্চায়ত অভিযানৰ অধীনত ডিব্ৰুগড় জিলাৰ ১৫ খন গাঁও পঞ্চায়তক যক্ষ্মা মুক্ত পঞ্চায়ত হিচাপে ঘোষণা কৰি ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক বিশেষ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কৈৰীয়ে অনুষ্ঠানত উপস্থিত থাকি বঁটা বিজয়ী গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিবসকলক গান্ধী মূৰ্তি আৰু প্ৰশংসাপত্ৰ প্ৰদান কৰে। নাহৰকটীয়া উন্নয়ন খণ্ডৰ আমগুৰি গাঁও পঞ্চায়তে ২০২৩,২০২৪ আৰু ২০২৫ বৰ্ষত ক্ৰমাগত তিনিবছৰৰ বাবে যক্ষ্মামুক্ত পঞ্চায়তৰ স্বীকৃতি বৰ্তাই ৰাখি সোণালী ৰঙৰ গান্ধী মূৰ্তি লাভ কৰিবলৈ সক্ষম হয়। চাবুৱা উন্নয়ন খণ্ডৰ দিনজয়, খোৱাং উন্নয়ন খণ্ডৰ হালধিবাৰী আৰু কলৌলোৱা, নাহৰকটীয়া উন্নয়ন খণ্ডৰ কেন্দুগুৰি, বৰবৰুৱা উন্নয়ন খণ্ডৰ কোটোহা আৰু টেঙাখাত উন্নয়ন খণ্ডৰ টিপলিং আৰু উষাপুৰ গাঁও পঞ্চায়তে ২০২৪ আৰু ২০২৫ বৰ্ষত ক্ৰমাগত দুবছৰৰ বাবে যক্ষ্মামুক্ত পঞ্চায়তৰ স্বীকৃতি বৰ্তাই ৰাখি লাভ কৰে ৰূপৰ গান্ধীমূৰ্তি।আনহাতে বৰবৰুৱা উন্নয়ন খণ্ডৰ বগীবিল আৰু নিজ মানকটা, খোৱাং উন্নয়ন খণ্ডৰ ধেমেচি, নাহৰণি আৰু নখাট, আৰু নাহৰকটীয়া উন্নয়ন খণ্ডৰ দীঘলীয়া আৰু মেৰবিল গাঁও পঞ্চায়তে ২০২৫ বৰ্ষত যক্ষ্মামুক্ত পঞ্চায়তৰ স্বীকৃতি অৰ্জন কৰি ব্ৰঞ্জৰ মূৰ্তি লাভ কৰে। আজিৰ এই অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) প্ৰাঞ্জল বৰুৱা, ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ তৃষ্ণা বৰা, জিলা যক্ষ্মা বিষয়া ডাঃ ৰবি বৰুৱা, খোৱাং উন্নয়ন খণ্ডৰ খণ্ড বিষয়া সেউতী দলেৰ লগতে NTEP ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে। যক্ষ্মামুক্ত পঞ্চায়ত আঁচনিয়ে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, স্বাস্থ্য কৰ্মী, সমাজৰ নেতৃস্থানীয় ব্যক্তি আৰু নাগৰিকসকলৰ সমন্বিত প্ৰচেষ্টাক স্বীকৃতি দিয়ে। যক্ষ্মা ৰোগৰ প্ৰতিৰোধ, আগতীয়া চিনাক্তকৰণ, চিকিৎসাৰ নিয়মানুৱৰ্তিতা আৰু সজাগতা সৃষ্টিৰ ক্ষেত্ৰত গাঁও পৰ্যায়ত লোৱা পদক্ষেপৰ ফলত ডিব্ৰুগড় জিলাৰ পঞ্চায়ত কেইটাই এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। এই স্বীকৃতিয়ে NTEP ৰ যক্ষ্মা নির্মূল কৰণৰ প্ৰতি থকা ডিব্ৰুগড় জিলাৰ যত্ন আৰু অঙ্গীকাৰক পুনৰ সুদৃঢ় কৰে। গাঁও পৰ্যায়ত বিকেন্দ্ৰীকৃত কাৰ্যপন্থা, আন্তঃবিভাগীয় সমন্বয় আৰু বিভিন্ন বিভাগৰ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে টি বি মুক্ত ভাৰতৰ লক্ষ্য বাস্তৱায়নৰ দিশত নিৰন্তৰ কাম কৰি জিলাখনক যক্ষ্মা মুক্ত কৰি তুলিবলৈ সক্ষম হ’ব বুলি জিলাখনৰ‌ স্বাস্থ্য বিভাগে আশা প্ৰকাশ কৰে। বটাঁ বিতৰণী অনুষ্ঠানটিৰ আঁত ধৰে এনটিইপিৰ পিএমডিটি সমন্বয়ক বিষ্ণু গোহাঁইয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *