প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ ১০ বছৰ পূৰ্তি
ডিব্ৰুগড় জিলাত সুৰক্ষিত মাতৃত্ব সেৱাৰ এক দশক সম্পূৰ্ণ
গৰ্ভৱতী মাতৃৰ স্বাস্থ্য পৰীক্ষা
চাইন অন ডেস্ক,৯ জুন:
প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান (PMSMA) ৰ ১০ বছৰ পূৰ্তি উপলক্ষে আজি ডিব্ৰুগড় জিলাৰ সকলো স্বাস্থ্য প্ৰতিষ্ঠান আৰু আয়ুষ্মান আৰোগ্য মন্দিৰত বিশেষ PMSMA অধিবেশন উছাহ-উদ্দীপনাৰে অনুষ্ঠিত কৰা হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি ৯ জুন ২০১৬ ত আৰম্ভ হোৱা এই ৰাষ্ট্ৰীয় অভিযানে আজি এটা দশক সম্পূৰ্ণ কৰি প্ৰতিমাহৰ ৯ তাৰিখে গৰ্ভাৱস্থাৰ দ্বিতীয় আৰু তৃতীয় ত্ৰিমাসিকত থকা সকলো গৰ্ভৱতী মহিলাক বিনামূলীয়া, ব্যাপক আৰু মানসম্পন্ন প্ৰসৱ-পূৰ্বক পৰীক্ষা প্ৰদানৰ অঙ্গীকাৰ ৰক্ষা কৰি আহিছে। দশক পূৰ্তিৰ দিনা ASHA, ANM আৰু স্বাস্থ্য কৰ্মীসকলৰ তৎপৰ মবিলাইজেচনৰ ফলত জিলাখনৰ সকলো স্বাস্থ্য প্ৰতিষ্ঠানত অভিলেখ সংখ্যক গৰ্ভৱতী মহিলাই অংশগ্ৰহণ কৰি সম্পূৰ্ণ ANC সেৱা লাভ কৰে।
আজিৰ বিশেষ PMSMA কাৰ্য্যসূচীত প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ বাধ্যতামূলকভাৱে ওজন, ৰক্তচাপ, হিম’গ্ল’বিন পৰীক্ষা, উদৰ পৰীক্ষা আৰু চিকিৎসকৰ ক্লিনিকেল মূল্যাংকন কৰা হয়। লেব সেৱা থকা প্ৰতিষ্ঠানত Hb%, ৰক্ত- শৰ্কৰা, চেৰ’লজী, HIV, VDRL ,HBSAG ,CBC আদি বিনামূলীয়া পৰীক্ষা কৰা হয়। তদুপৰি ৯ তাৰিখৰ বাবে বিশেষভাৱে Mobile Medical Unit (MMU) নিয়োগ কৰি চিকিৎসকৰ পৰামৰ্শ আৰু অন-ছাইট লেব সেৱা প্ৰদানৰ ব্যৱস্থা কৰা হয় বহু কেইখন চিকিৎসালয়ত।
চিনাক্ত হোৱা উচ্চ-বিপদশংকা যুক্ত গৰ্ভৱতী মহিলাক তৎক্ষণাত বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ প্ৰদান কৰি প্ৰয়োজন অনুসৰি উচ্চতৰ চিকিৎসা কেন্দ্ৰলৈ referral দিয়া হয়। আল্ট্ৰাচাউন্ডৰ ব্যৱস্থা থকা স্বাস্থ্য প্ৰতিষ্ঠানত আল্ট্ৰাচাউন্ডৰ ব্যৱস্হা কৰা হয় ।গৰ্ভাৱস্থাৰ সময়ত পুষ্টি, আয়ৰণ-ফলিক এচিড সেৱন, বিপদৰ চিন, প্ৰতিষ্ঠানিক প্ৰসৱ আৰু জন্মৰ প্ৰস্তুতিৰ ওপৰত বিশদ পৰামৰ্শ আৰু আচৰণ পৰিৱৰ্তনমূলক যোগাযোগ (BCC) কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। তদুপৰি গৰ্ভৱতী মহিলাসকলৰ সুবিধাৰ বাবে লঘু
জলপানৰ ব্যৱস্থা কৰা হয়। সমগ্ৰ কাৰ্য্যসূচী সকলো স্বাস্থ্য কৰ্মী আৰু গৰ্ভৱতী মহিলা সকলৰ সক্ৰিয় অংশগ্ৰহণত উৎসৱমুখৰ পৰিৱেশত সম্পন্ন হয়।
বিগত দশকত PMSMA য়ে ডিব্ৰুগড় জিলাত মাতৃ আৰু নৱজাতকৰ স্বাস্থ্যৰ সূচকাংক উন্নত কৰাত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। নিয়মীয়া screening আৰু উচ্চ বিপদাশংকা যুক্ত গৰ্ভাৱস্থাৰ সময়মতে চিনাক্তকৰণ আৰু ব্যৱস্থাপনাৰ জৰিয়তে মাতৃ মৃত্যু হাৰ হ্ৰাস পাইছে আৰু প্ৰতিষ্ঠানিক প্ৰসৱৰ হাৰ বৃদ্ধি পাইছে।
PMSMA ৰ দশক পূৰ্তিৰ লগে লগে ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগে প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ বাবে মানসম্পন্ন সেৱা নিশ্চিত কৰাকেই প্ৰাথমিক লক্ষ্য বুলি অভিহিত কৰিছে। ৯ তাৰিখৰ PMSMA ৰ সেৱাই ডিব্ৰুগড় জিলাৰ মাতৃ স্বাস্থ্যৰ ভেটি আৰু অধিক শক্তিশালী কৰি প্ৰতিগৰাকী গৰ্ভৱতী মাতৃৰ সুৰক্ষিত মাতৃত্ব নিশ্চিত কৰাত বাটকটীয়া হৈ ৰ’ব বুলি বিভাগ আশাবাদী ।