...

পৰিচালক পুণিত সিঙৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে উত্তাল নয়া ঘগৰা চাহ বাগিচা

পৰিচালক পুণিত সিঙৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে উত্তাল নয়া ঘগৰা চাহ বাগিচা

প্ৰতিবাদত ক্ষুব্ধ চাহ-শ্ৰমিক,আছা-আটছা

গহপুৰ,৯ জুন:

গহপুৰৰ নয়া ঘগৰা চাহ বাগিচাত আজি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বাগিচাখনৰ চাহ শ্ৰমিক সকলে। বাগিচাখনৰ মুখ্য পৰিচালক পুণিত সিঙে খাটিখোৱা শ্ৰমিক সকলক কৰা শোষন, দমন আৰু স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিক আৰু আছা,আটছাই।গহপুৰৰ নয়া ঘগৰা চাহ বাগিছাত শ্ৰমিক ৰাইজে বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে আজি ২ঘন্টীয়া ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলা পৰিলক্ষিত হয়। অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নয়া ঘগৰা প্ৰাথমিক গোটৰ উদ্যোগত আৰু ঘগৰা চাহ বাগিছা চাহ শ্ৰমিক ৰাইজৰ সহযোগত ৰূপায়ণ কৰা হয় উক্ত ধৰ্না কাৰ্যসূচী।নয়া ঘগৰা চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰা উক্ত ধৰ্না কাৰ্যসূচীৰ জৰিয়তে চাহ শ্ৰমিক সকলে ভূগী থকা বিভিন্ন সমস্যা সমাধান কৰাৰ লগতে চাহ বাগিচা খনৰ পৰিচালক পুণিত সিঙে শ্ৰমিক সকলক কৰা দুৰ্ব্যৱহাৰৰ উচিত তদন্তৰ দাবী উত্থাপন কৰে।
বাগিছা কৰ্তৃপক্ষই ১৫ দিনৰ ভিতৰত চাহ শ্ৰমিক সকলৰ সমস্যা সমূহ সমাধানৰ ব্যৱস্থা নকৰিলে পুনৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ দিছে আটছা আৰু আছাৰ নয়া ঘগৰা প্ৰাথমিক গোটৰ বিষয়ববীয়া সকলে।
উল্লেখ্য যে গহপুৰৰ নয়া ঘগৰা চাহ বাগিছাৰ শ্ৰমিক সকলে বছৰ বছৰ ধৰি নুন্যতম মজুৰিৰে কাম কৰি থকাৰ সামন্তৰালভাবে এটুপি বিশুদ্ধ খোৱা পানী, উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আহিছে।চাহ শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ লগতে বাগিচা পৰিচালকৰ শোষণ, দমন আৰু স্বেচ্ছাচাৰিতাত অতিষ্ঠ হৈ এইদৰে শ্ৰমিক ৰাইজে দলে বলে ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *