...

“শ্ৰেষ্ঠ আদৰ্শ শিক্ষক বটাঁপ্ৰাপক ” ড° ৰমেন বায়নলৈ উষ্ম সম্বৰ্ধনা

“শ্ৰেষ্ঠ আদৰ্শ শিক্ষক বটাঁপ্ৰাপক ” ড° ৰমেন বায়নলৈ উষ্ম সম্বৰ্ধনা

কামৰূপ,৬অক্টোবৰ:

২০২৬ চনৰ অসম চৰকাৰৰ “শ্ৰেষ্ঠ আদৰ্শ কৃতী শিক্ষক” বঁটা অৰ্জন কৰা কামৰূপৰ ছমৰীয়া শিক্ষা খণ্ডৰ আদৰ্শ বিদ্যালয়,দোকুচি’ৰ অধ্যক্ষ ড° ৰমেন বায়নলৈ ফুলাম গামোচা,জাপি,শৰাঁই, মানপত্ৰ আদিৰে ছমৰীয়া প্ৰাথমিক শিক্ষা খণ্ডই উষ্ম সম্বৰ্ধনা জনায়। এই সম্বৰ্ধনা অনুষ্ঠানত ছমৰীয়া খণ্ড প্ৰাথমিক শিক্ষা উন্নয়ন বিষয়াৰ লগতে ২৭ নং ছমৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ উপস্থিত থাকি অনাগত দিনত শিক্ষাৰ ক্ষেত্ৰখনত এক উদাহৰণ হৈ ৰ’বলৈ উৎসাহ জনায় কৃতী শিক্ষক গৰাকীক। এনে সম্বৰ্ধনাই নিঃসন্দেহে আগলৈ শিক্ষাক্ষেত্ৰত অধিক উৎসাহ
আৰু প্ৰেৰণা যোগাব বুলি আশা আৰু সন্তোষ ব্যক্ত কৰে অধ্যক্ষ ড° বায়নে |

Leave a Reply

Your email address will not be published. Required fields are marked *